Breaking

গুৱাহাটীৰ লালমাটিত মেজাংকৰি প্ৰকাশনৰ উদ্যোগত সাহিত্য অনুষ্ঠান…

0 87

আজিৰ কবিতাৰ ৩৩ সংখ্যাক বর্ষপতি উপলক্ষে মেজাংকৰি প্ৰকাশনৰ উদ্যোগত অপৰাজিতা সাহিত্য সভাৰ সহযোগত গ্ৰন্থ উন্মোচন, বঁটা প্ৰদান আৰু গীতে-মাতে, কবিতাৰে বসন্তৰ এদিন শীৰ্ষক এটি সাহিত্য অনুষ্ঠান অনুষ্ঠিত হয়। গুৱাহাটী লালমাটিস্থিত দক্ষিণ বৰসজাই মৈদাম দুৰ্গা মন্দিৰৰ প্ৰাঙ্গনত অনুষ্ঠিত হোৱা উক্ত সাহিত্য অনুষ্ঠান খন পৰিচালনা কৰে আজিৰ কবিতাৰ মুখ্য সম্পাদক ডাঃ ভবেশ দাসে, আনহাতে সভাত বন্তি প্ৰজ্জ্বলন কৰে দক্ষিণ বৰসজাই দুৰ্গা মন্দিৰৰ পৰিচালনা সমিতিৰ সভাপতি অখিল চন্দ্ৰ গোস্বামীয়ে। সভা উদ্বোধন কৰে অপৰাজিতা সাহিত্য সভাৰ সভাপতি চিত্ৰৰঞ্জন শৰ্মাই।

খগেন্দ্ৰ নাথ বৰাৰ মৃন্ময় সুবাস উন্মোচন কৰে ডাঃ মৃন্ময় কুমাৰ নাথে লগতে বহু কেইবাগৰাকী লেখকৰ কাব্য গ্ৰন্থ উন্মোচন,গীত মাত, কবিতা পাঠে অনুষ্ঠানয়ো জীপাল কৰি তোলে।সাহিত্য অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক ডঃ মঞ্জু দেৱী পেগু,কবি কাব্য নীল,কবি লেখক ডাঃ জয়ন্ত দাস,দৰং জিলা সাহিত্য সভাৰ সাংস্কৃতিক উপ সমিতিৰ আহ্বায়ক ডাঃ মৃন্ময় কুমাৰ নাথ
মন্দিৰ পৰিচালনা উপদেষ্টা ধনী ৰাম বৈশ্য।

গুৱাহাটীৰ বৰসজাই মৈদাম দুৰ্গা মন্দিৰৰ প্ৰাঙ্গনৰ পৰা অৰূপ বড়োৰ প্ৰতিবেদন

Leave A Reply

Your email address will not be published.