Breaking

টীয়কত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ঋণ মেলা অনুষ্ঠিত…

0 65

টীয়কৰ কলিয়াপানী উন্নয়ন খণ্ডৰ অধীনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত এখনি বৃহৎ। ঋণ মেলা আয়োজন কৰা হৈছে।উক্ত ঋণ মেলাত কলিয়াপানী উন্নয়ন খণ্ডৰ অধীনস্থ ১৮৭ টাকৈ ক্ৰমাগতভাৱে সফলতা লাভ কৰা আত্মসহায়ক গোটক আনুষ্ঠানিকভাৱে প্ৰথম কিস্তি,দ্বিতীয় কিস্তিৰ চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰে উদ্যোক্তাসকলে। উক্ত চেক বিতৰণ কাৰ্যসূচীত ভাৰতীয় ষ্টেট বেংক টীয়ক শাখাৰ মুখ্য প্ৰৱন্ধক দ্বীপজ্যোতি কলিতা,অসম গ্ৰামীণ বিকাশ বেংক তামুলীচিগা শাখাৰ প্ৰৱন্ধক অভিনৱ বৰবৰুৱা,এইচ ডি এফ চি বেংক লাহদৈগড় শাখাৰ প্ৰৱন্ধক হোমেন বৰুৱা,পি এন বি বেংক বলমা শাখাৰ প্ৰৱন্ধক তৰুণ চন্দ্ৰ দলে,কলিয়পানী খণ্ড উন্নয়ন প্ৰকল্প প্ৰৱন্ধক চপন দাস,খণ্ডৰ অধীনস্থ বেংক সখীসকলকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি মহিলাসকলৰ কৰ্মৰাজিৰ শলাগ লয়।

মহিলাসকলক বৃত্তিমুখী কৰি তোলাৰ ক্ষেত্ৰত বেংক কৰ্তৃপক্ষই সম্পূৰ্ণ সহযোগিতা আগবঢ়াই যাব বুলি মত প্ৰকাশ কৰে।ইপিনে অনুৰূপ কাৰ্যসূচী পূব যোৰহাট উন্নয়ন খণ্ডতো গ্ৰহণ কৰা হয় আৰু মুঠ ১১১টাকৈ আত্মসহায়ক গোটক এই ঋণ মেলাত চেক প্ৰদান কৰা হৈছে বুলি জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.