Local News: ড° নগেন ঠাকুৰৰ বিয়োগত অসম সাহিত্য সভাৰ শোক প্ৰকাশ

ভাষাতত্ত্ববিদ আৰু কবি ড° নগেন ঠাকুৰৰ পৰলোকপ্ৰাপ্তিত অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী(Local News) আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাই সভাৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰিছে। অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে এক সংবাদ বিবৃতিৰ জৰিয়তে ভাষাতত্ববিদগৰাকীৰ বিয়োগ অসমীয়া সাহিত্যজগতৰ বাবে পূৰাব নোৱৰা ক্ষতি বুলি শোকাগ্ৰস্ত হৈ কয় যে বিংশ শতিকাৰ সপ্তম দশকত ৰামধেনু, মণিদীপ, আমাৰ প্রতিনিধি, আৱাহন আদিত কাব্যচৰ্চা কৰি যশস্যাৰ কলচীত উঠা কবিজনাই পৰৱৰ্তী সময়ত উপন্যাস, নাটক আৰু গল্পৰ সাম্রাজ্যতো পাও দিছিল যদিও তেখেত ভাষাতাত্ত্বিকৰূপেহে ৰজনজনা হ’ল।

পালি প্রাকৃত অপভ্রংশ আৰু অসমীয়া ভাষা, পালি প্রাকৃত অপভ্রংশ আৰু অসমীয়া সাহিত্য, ভাৰতীয় ভাষাৰ পৰিচয়, প্রাকৃত সাহিত্য চয়ন, পৃথিবীৰ বিভিন্ন ভাষা, প্রাকৃত সাহিত্যৰ অধ্যয়ন, গাহাসত্তসঙ্গ (গাথাসপ্তশতী) এশ এটা প্ৰেমৰ কবিতা, অশোকৰ অনুশাসন আদি ভাষা বিষয়ক গ্রন্থই অসমীয়া ভাষাক আঢ্য কৰাৰ লগতে নবেল বঁটাপ্রাপক মিখাইল ছলোকভৰ And Quite Flows the Don উপন্যাস অসমীয়ালৈ অনুবাদ কৰিছিল ‘ধীৰে বৈ যায় ডন’ নামেৰে। হেমচন্দ্ৰ বৰুৱাৰ হেমকোষৰ চতুৰ্দশ সংস্কৰণৰো তেখেতে সম্পাদনা কৰিছিল।

এনে এজন ভাষাৰ খনিকৰ ড০ ঠাকুৰে অসমীয়া ভাষাৰ সমৃদ্ধি সাধনত অহিৰণা আগবঢ়াই জাতিটোক সমৃদ্ধ কৰি থৈ গ’ল। অসম সাহিত্য সভা পৰিয়ালৰ এইগৰাকী আজীৱন সদস্যৰ বিয়োগত মর্মাহত সভাই তেখেতৰ স্বৰ্গগত আত্মাৰ চিৰশান্তি কামনাৰে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ।

Related Articles