স্থানীয় বাৰ্তা

Bhasha Gaurav Saptah: মাজুলী জিলা সাহিত্য সভাৰ ভাষা গৌৰৱ সপ্তাহ উদযাপন, সভাপতি ড০ সূৰ্যকান্ত হাজৰিকাৰ অংশগ্ৰহণ

(Bhasha Gaurav Saptah) সেই মৰ্মে মাজুলী জিলা সাহিত্য সভাৰ উদ্যোগত ৮ নৱেম্বৰ তাৰিখ শুক্ৰবাৰে মাজুলীৰ গড়মূৰ প্ৰেছ ক্লাবত জিলা সভাপতি ৰামসাগৰ নাথৰ সভাপতিত্বত ভাষা গৌৰৱ সপ্তাহৰ বিশেষ কাৰ্যসূচী পালন কৰা হয়।

Uriagaon Tree Row: উৰিয়াগাঁৱত গছ কটা কাৰ্যত পান্থতৰু সংৰক্ষণী অসমৰ প্ৰতিক্ৰিয়া

নগাঁৱৰ উৰিয়াগাঁৱৰ(Uriagaon Tree Row) বায়পাছ চাৰিআলিৰ থকা ডিভাইদাৰত থকা প্ৰায় ৩০ জোপা গছ গুৱাহাটীৰ এজন ঠিকাদাৰৰ নিৰ্দেশত শ্ৰমিকে কাটি পেলোৱা কাৰ্যৰ বিৰুদ্ধে নগাঁৱৰ পান্থতৰু সংৰক্ষণী অসম নামৰ এটা প্ৰকৃতিপ্ৰেমী সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।

Silapathar । বিভিন্ন অঞ্চলৰ লগতে চিলাপথাৰতো অনুষ্ঠিত হ’ল ভাষা গৌৰৱ সপ্তাহ

ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত আৰু চিলাপথাৰ (Silapathar)পৌৰসভাৰ সহযোগত দঞি প:ল সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত হ'ল এই সপ্তাহ। সপ্তাহৰ উপলক্ষত অনুষ্ঠিত কাৰ্য্যসূচী অনুসৰি পোনতে চিলাপথাৰ বন বিভাগৰ কাৰ্য্যলয়ৰ সম্মুখৰ পৰা উলিয়াই হয় এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা।

Dhubri । কাছাৰীহাটত ধ্ৰুপদী ভাষা গৌৰৱ সপ্তাহ, ধুবুৰী জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ

ধুবুৰী (Dhubri) জিলাৰ কাছাৰীহাট শাখা সাহিত্য সভাৰ উদ্যোগত আৰু ধুবুৰী জিলা সাহিত্য সভাৰ দিনজোৰা কাৰ্যসূচীৰে ধুবুৰী জিলা সাহিত্য সভাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক, ধ্ৰুপদী ভাষা গৌৰৱ সপ্তাহ আৰু কুঁহি অনুষ্ঠান কেইটা নৃত্য গীত- মাত, অসম সাহিত্য সভাৰ জয়ধ্বনিৰে কাছাৰীহাটৰ আকাশ-বতাহ মুখৰিত হৈ পৰে।

Majuli। মাজুলী জিলা কবি সন্মিলনৰ উদ্যোগ অসম কবি সন্মিলন

Majuli । সমগ্ৰ অসমৰ লগতে মাজুলীতো অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাত সপ্তাহজুৰি ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হৈছে । অসম কবি সন্মিলনৰ অন্তৰ্গত মাজুলী জিলা কবি সন্মিলনৰ উদ্যোগত এই সপ্তাহ জোৰা কাৰ্যসূচীৰ অংশ হিচাপে আজি নতুন খলিহামাৰীৰ কাব্য কানন ভৱনত জিলা সভাপতি ৰমেশ চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত গীতে-মাতে‌ ভাষা গৌৰৱ অনুষ্ঠান অনুষ্ঠিত হয়।

Popular