Breaking

Browsing Category

স্থানীয় বাৰ্তা

টীয়কৰ পথৰ দাঁতিত পৰি থকা আঘাতপ্ৰাপ্ত ব্যক্তি উদ্ধাৰ : চিকিৎসালয়লৈ প্ৰেৰণ

টীয়ক টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত হাঁহচৰাৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত পুৱা এজন ব্যক্তি মূৰ্মুৰ্ষ অৱস্থাত পৰি থকা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে৷ মুখ মণ্ডলত আঘাতৰ চিন থকা ব্যক্তিজন পথৰ কাষত পৰি থকা প্ৰত্যক্ষ কৰি পথচাৰীয়ে আৰক্ষীক
Read More...

বিহুবৰৰ ঔগুৰিজানত নিশা গোপনে চলিছে শিলৰ অবৈধ খনন

নাজিৰা নাজিৰা মহকুমাৰ বিহুবৰ ঔগুৰিজানৰ বিবদমান এলেকাত  নিশা অতি গোপনে অবৈধভাবে ফকলেন লগাই শিল খনন চলাই আহিছে বুলি জানিব পৰা গৈছে৷ সমগ্র দেশ ভয়ংকৰ মহামাৰীৰ কবলত পৰাৰ লগতে নিশা সাত বজাৰ পৰা পুৱা সাত বজালৈকে সান্ধ্য আইন জাৰি থকাৰ পিছতো
Read More...

নগাঁও জিলা আবকাৰী বিভাগৰ সোপাধিলা নীতি : সান্ধ্য আইনৰ মাজতে পুৰণিগুদাম জলাহগাঁৱৰ ননৈ পাৰৰ লগতে…

নগাঁও নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ  অন্তৰ্গত গেন্ধালি, সুতাৰ গাওঁ, খাটোৱালকে আদি কৰি  পুৰণিগুদামৰ জলাহগাঁৱৰ ননৈ নৈৰ পাৰত অবৈধ চুলাই মদৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ অভিযোগ উঠিছে৷ নগাঁও জিলা আবকাৰী বিভাগৰ সোপাঢিলা নীতিৰ বাবেই একাংশই
Read More...

‘কন্যকা’ৰ আৰ্হি শদিয়াত প্ৰয়োগ কৰাৰ চিন্তা বিধায়ক বলীন চেতিয়াৰ

জামুগুৰিহাট চতিয়াৰ 'কন্যকা’ বহুমুখী কৃষি পাম পৰিদৰ্শন কৰিবলৈ সদলবলে শদিয়াৰ পৰা আহি বৃহস্পতিবাৰে চতিয়া পালেহি বিধায়ক বলীন চেতিয়া৷ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা কন্যকা বহুমুখী কৃষি পামে ইতিমধ্যে ৰাজ্যজুৰি চৰ্চা লাভ
Read More...

জামুগুৰিহাটত ভোডাফোনৰ নিন্মমানৰ নেটৱৰ্ক সেৱা

জামুগুৰিহাট লকডাউনৰ সময়চোৱাত দেশ-বিদেশৰ প্ৰতিটো  খবৰ জানিবৰ বাবেই ম’বাইল ফোনটোকেই সাৰথি কৰি লৈছে বহুলোকে৷ কিন্তু জামুগুৰিহাটত ভোডাফোনৰ নেটৱৰ্ক সেৱা অতি নিম্নমানৰ হোৱাত এই সেৱা ব্যৱহাৰকাৰী লোকসকল বিগত প্ৰায় কুৰি দিনৰো অধিক দিন যথেষ্ট
Read More...

বহিঃৰাজ্যৰ পৰা অহা লোকৰ সংখ্যা ৪২০ জনলৈ বৃদ্ধি দৰঙত : চিকিৎসালয়ৰ আছুতীয়া কক্ষৰ পৰা ঘৰলৈ যাবলৈ অনুমতি…

মঙলদৈ বহিঃৰাজ্যৰ পৰা ৰে’লযোগে আহি বৃহস্পতিবাৰে পুনৰ দৰঙত উপস্থিত হয় ২৭ জন লোক। এই লোকসকলক আৰক্ষীৰ সহযোগত চিকিৎসালয়লৈ আনি স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত কোৱাৰাণ্টাইনত  ৰখাৰ ব্যৱস্থা কৰা হৈছে। জিলা স্বাস্থ্য বিভাগৰ এক প্ৰেছ বিজ্ঞপ্তি
Read More...

আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ দিনা যোৰহাটৰ বিশিষ্ট চাহ উদ্যোগপতি কমল জালানৰ ক্ষুদ্ৰ চাহ খেতিয়কলৈ আহ্বান :…

টীয়ক বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস। অসমৰ চাহে আন্তঃৰাষ্ট্ৰীয় বজাৰত এক সুকীয়া আসন ইতিমধ্যে দখল কৰিছে৷ ৰাজ্যখনৰ অৰ্থনীতিৰ ই মেৰুদণ্ডস্বৰূপ, অৱশ্যে বৰ্তমান দেশত চলি থকা লকডাউনৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হৈছে অসমৰ চাহ উদ্যোগটোৱে।
Read More...

সোণতলীত নিৰ্যাতিত তিনি সন্তানৰ মাতৃ : এজাহাৰ দাখিল আমিৰ আলীৰ বিৰুদ্ধে

সোণতলী প্ৰতিগৰাকী নাৰীয়ে বিচাৰে এগৰাকী জীৱন সংগী  আৰু এই জীৱন সংগীক লৈয়ে সপোন দেখে ভৱিষ্যৎ জীৱনৰ৷ জীৱন সংগীক লৈয়ে নাৰীয়ে আৰম্ভ কৰে নতুন জীৱন আৰু ভৱিষ্যতৰ আশা- আকাংখ্যাভৰা সংসাৰ৷ পিছে এই ভৱিষ্যৎ জীৱন যাত্ৰাৰ মাজতে কোনোবা নাৰী যদি
Read More...

খটখটিত বৃহৎ সংখ্যক নিচা জাতীয় টেবলেটসহ আটক ১

বোকাজান প্ৰায় চাৰি দিন পূৰ্বে নগালেণ্ড সীমান্তৰ খটখটি আৰক্ষীৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথৰ নিয়মীয়া তালাচীত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰাৰ পাছত বুধবাৰৰ নিশা খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মবালিক ব্ৰহ্মই
Read More...

দৰঙত ইমামসকলৰ সৈতে উপায়ুক্ত : কোনো কাৰণতে সমূহীয়া নামাজৰ অনুমতি দিয়া নহ’ব

মঙলদৈ ইছলামধৰ্মী লোকসকলৰ ঈদলৈ মাজত মাথোঁ কেইটামান দিন বাকী। পৱিত্ৰ ৰমজান মাহৰ ৰোজা চলি থকাৰ সময়তে বৃহস্পতিবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্তৰ সঞ্চালনাত জিলাখনৰ বিভিন্ন মছজিদৰ ইমামসকলৰ লগত এখন সভা অনুষ্ঠিত কৰা হয়। সভাত
Read More...