Breaking

কাকজান চাহবাগিচাৰ সমবায় সমিতিৰ এজেন্টৰ বিৰুদ্ধে অভিযোগ নাকচ কৰিলে স্থানীয় ৰাইজে

0 2,056

 যোৰহাট জিলা হোলোঙাপাৰ গাঁও পঞ্চায়তৰ সমবায় সমিতিৰ অন্তৰ্গত কাকজান চাহ বাগিচাৰ সুলভ মূল্যৰ সামগ্ৰীৰ এজেণ্ট অনিল কুমাৰ গুপ্তাৰ বিৰুদ্ধে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ( আছা) ই যি অভিযোগ আনিছে সেইখিনি ভিত্তিহীন বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে । জানিবলৈ দিয়া মতে কাকজান চাহ বাগিচাৰ বাসিন্দা তথা সমবায় এজেন্ট অনিল কুমাৰ গুপ্তাৰ বাসগৃহত যোৱা ৭ মে’ তাৰিখে সুলভ মূল্যৰ দোকানৰ এখন অসামৰিক খাদ্য সামগ্ৰী বিতৰণ তথা তদাৰক সমিতিৰ গঠনৰ উদ্দেশ্য এখন সভা স্থানীয় ৰাইজৰ মাজত অনুষ্ঠিত হয়। সভাত উত্তম  কালন্দীক সভাপতি,সঞ্জু তাঁতীক উপ-সভাপতি আৰু অনিল কুমাৰ গুপ্তাক সম্পাদক হিচাপে লৈ এখন খাদ্য বিতৰণ সমিতি গঠন কৰে । উল্লেখ যে ইয়াৰ আগতে ৩০/১/২০২০ তাৰিখে স্থানীয় ৰাইজৰ উপস্থিতিত সমবায় সমিতি খনৰ খেলিমেলি সন্দৰ্ভত এখন সভা অনুষ্ঠিত হৈ স্থানীয় গ্ৰাহক ৰাইজে এজেন্ট অনিল কুমাৰ গুপ্তাক ভৱিষ্যতে কোনো খেলিমেলি নকৰিবলৈ সতৰ্ক কৰি সকলো ক্ষমাদান  কৰে । গ্ৰাহক সকলে জনোৱা মতে বাগিছা অঞ্চলৰ সমবায় সমিতি খন বনুৱা ৰাইজৰ দ্বাৰা পৰিচালনা হয় । বৰ্তমান ক’ভিড পৰিস্থিতিত চাউল আৰু অন্যান্য সামগ্ৰী ৰাইজে নাপালে জীয়াতু ভুগিব লগীয়া হ’ব । সেয়েহে ৰাইজৰ সিদ্ধান্ত অনুসৰি সমবায় খনৰ  কামকাজ চলি থাকিব লাগিব । কোনো সংগঠনে  ব্যক্তিগত লাভালাভৰ বাবে  সমিতি খনৰ  সামগ্ৰী বিতৰণ  কাৰ্য বন্ধ কৰিবলৈ দিয়া ন’হব ।  ইতিমধ্যে দুয়োখনৰ  সভাৰ প্ৰতিলিপি  খাদ্য আৰু অসামৰিক যোগান বিভাগৰ যোৰহাট কাৰ্যালয়ক  জমা দিয়া আছে। সেয়েহে কোনো সংগঠনৰ মিছা অভিযোগত বিভাগীয় বিষয়া সকলে গ্ৰাহক আৰু স্থানীয় ৰাইজৰ মাজত  অশান্তি সৃষ্টি নকৰিবলৈ আহ্বান জনায় ।

Leave A Reply

Your email address will not be published.