Breaking

প্ৰেমে নামানে সীমান্তৰ বাধা ! কলকাতাৰ প্ৰেমিকক লগ ধৰিবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ সুন্দৰী যুৱতী…

0 88

প্ৰেমে নামানে সীমান্তৰ বাধা! এইবাৰ কলকাতাৰ প্ৰেমিকক লগ ধৰিবলৈ ভাৰতত উপস্থিত পাকিস্তানী যুৱতী

প্ৰেমে কোনো বাধা নামানে। এইবাৰ প্ৰেমৰ টানতে পাকিস্তানৰ জৱাৰিয়া খানম নামৰ যুৱতীগৰাকীয়ে ভাৰতৰ কলকাতা আহি পালেহি। কলকাতাৰ সমীৰ খান নামৰ প্ৰেমিকক লগ কৰাৰ বাবেই জৱাৰিয়া খানমে হাজাৰ বাধাকো নেওচি ভাৰত আহি পাইছেহি। পাকিস্তানী যুৱতীগৰাকীয়ে সমীৰৰ সৈতে বিয়াত বহিবলৈ কলকাতাত উপস্থিত হৈছে মঙলবাৰে। জাৱাৰিয়াই মঙলবাৰে পুৱা প্ৰায় ১১ বজাত পাকিস্তানৰ কৰাচীৰ পৰা আহি অমৃতসৰৰ ৱাঘা সীমান্তৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰে।

সমীৰ আৰু তেওঁৰ পিতৃ আহমেদ কামাল খানে তেওঁক কলকাতালৈ আদৰণি জনায়।ভাৰতলৈ আহিবলৈ পাক নাগৰিকে সহজে ভিছা লাভ কৰাটো সম্ভৱ নহয়। ইমানৰ পিছতো জৱাৰিয়া খানমে বহু চেষ্টা কৰি ভিছা মোকলাই লৈছে। । সমীৰক লগ পাই তেওঁ এতিয়া বহুত সুখী। পৰিয়ালৰ সূত্ৰ অনুসৰি যদি সকলো ঠিকে থাকে, সমীৰ আৰু জাৱাৰিয়াই অহা বছৰৰ জানুৱাৰী মাহত বিবাহপাশত আৱদ্ধ হ’ব। কলকাতাৰ যুৱক সমীৰ লৰা পাকিস্তানী যুৱতী জৱাৰিয়া খানমৰ প্ৰেমকাহিনী ২০১৮ চনত আৰম্ভ হৈছিল। সমীৰে মাকৰ ফোনত প্ৰথমবাৰৰ বাবে জাৱাৰিয়াৰ ছবি দেখিছিল। প্ৰথম দৰ্শনতে জৱাৰিয়া খানমৰ প্ৰেমত পৰিছিল সমীৰ।

তেওঁ তেওঁৰ মাকক কৈছিল যে তেওঁ এই ছোৱালীজনীক বিয়া কৰাব বিচাৰে। তেতিয়াই ভিন্ন দেশত থকা দুয়োটা পৰিয়াল বিবাহৰ বিষয়ত একমত হয়। কিন্তু কোভিদৰ বাবে ততাতৈয়াকৈ বিবাহ সম্পন্ন কৰিব পৰা হোৱা নাছিল। তদুপৰি জাৱাৰিয়াই ভিছাৰ বাবেও বহু অপেক্ষা কৰিবলগীয়া হৈছিল। অৱশেষত প্ৰেমৰ সম্পৰ্ক গঢ় লোৱাৰ পাঁচ বছৰৰ পিছত জৱাৰিয়া খানমে সমীৰৰ কাষলৈ আহিবলৈ সক্ষম হৈছে।জৱাৰিয়া খানমে এতিয়া ৪৫ দিনৰ ভিছা লাভ কৰিছে। সমাজকৰ্মী আৰু সাংবাদিক মকবুল আহমেদ ওৱাইচিৰ কাদিয়ানৰ সহায়ত জৱাৰিয়া খানমে ভিছা লাভ কৰিছে। জৱাৰিয়া খানমে কয় “মই পাঁচ বছৰৰ পিছত ভিছা পাইছো। মই খুব সুখী। এয়া সুখৰ আৰম্ভণি।’’

Leave A Reply