প্ৰেম স্বৰ্গীয় …
প্ৰেমে মানুহক জীয়াই থকাৰ প্ৰৰণা দিয়ে। বিশ্বাসেই হ’ল প্ৰেমৰ মূল বিন্দু।প্ৰেম জীৱনৰ শ্ৰেষ্ঠ অনুভৱ। কিন্তু প্ৰেম মানেই বিবাহ নহয়।প্ৰেম মানেই দৈহিক মিলন নহয়।প্ৰেম হৃদয়ৰ গোপন কথাৰ পৰা নিৰ্গত হোৱা সুমধুৰ সংগীত। পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ সংগীত তৰংগ। প্ৰেমক কোনো ভাষাৰে প্ৰকাশ কৰা সম্ভৱ নহয়। প্ৰেম আত্মাৰ আজন্ম সহযাত্ৰী।
প্ৰেম চিৰকালেই পূৰ্ণ, স্বয়ংসম্পূৰ্ণ। প্ৰেমৰ অনুভৱেই নিংসগ সময়ক সংগীতময় কৰি তোলে। আত্মাৰ সতে আত্মাই কথা পাতে। যিজন সঁচা প্ৰেমত পৰিছে,সদায়ে উমি উমি জ্বলে।এই জ্বলন পৃথিৱীৰ ভিতৰত সুমধুৰ।যি জীৱন বাটৰ শক্তি আৰু প্ৰেৰণাৰ উৎস।
গীতাৰ মতে প্ৰেম সকলোতকৈ শ্ৰেষ্ঠ। প্ৰেম অন্তৰৰ পৰা কৰা আৰধনা। ঈশ্বৰক আৰধনা কৰাৰ দৰেই প্ৰেমকো
অন্তৰেৰে আৰধনা কৰা হয়। যান্ত্ৰিকতাৰ যুগত স্বাৰ্থপৰৰ বাবে প্ৰেম ধ্বংস হৈছে। প্ৰেমক উপভোগৰ সামগ্ৰী কৰি তুলিছে। সেই প্ৰেমত বিশ্বাস নাই,আবেগ নাই আছে মাথোঁ আকাঙ্খা।
প্ৰেম জোনাক ৰাতিৰ স্নিগ্ধ জোনাকী।এই প্ৰেমে যাক চুই যায় তাৰ জীৱন ধন্য।প্ৰেম পবিত্ৰ,নিৰ্মল বৰষুণ।প্ৰেম আহে দুভৰিত জুনুকা পিন্ধি।
প্ৰেমৰ আবেশে হৃদয়ক সিক্ত কৰি তোলে।প্ৰেম একপ্ৰকাৰ বিষাদৰ পিয়লা। এই বিষাদৰ পিয়লাৰ অনুভূতিবোৰ পি খায়ো ভাগৰি নপৰে জীৱন।বিষাদৰ আমেজক যিয়ে বুকুত ধাৰণ কৰিব পৰা নাই তেওঁ জীৱনত একোৱেই পোৱা নাই। বুকুৰ বিষাদকে শক্তি কৰি ললেই জীৱনত সফলতাৰ উঢঢ শিখৰ চুব পাৰি। প্ৰেম এক পবিত্ৰ আৰধনা ।প্ৰেম হৃদয়ৰ এক স্বত:স্ফৰ্ত অনুৰণন।প্ৰেমত কোনোবাই অবহেলা কৰিলেও জীয়াই থকাৰ
স্পৃহা হেৰুৱাই পেলাব নালাগে।কিয়নো প্ৰেম এটা স্বৰ্গীয় অনুভূতিহে, প্ৰেম এটা স্বৰ্ত নহয়..
লেখিকা ভূমিকা দাস