Breaking

ইনষ্টাগ্ৰামত কথা পতি পাতি প্ৰেম! এইবাৰ পাকিস্তানী প্ৰেমিকক লগ কৰিবলৈ ব্যাকুল ৰাজস্থানৰ যুৱতী…

0 56

ৰাজস্থানৰ আলৱাৰ জিলাৰ অঞ্জুৱে তেওঁৰ স্বামী আৰু দুই সন্তানক এৰি পাকিস্তানৰ প্ৰেমিকক লগ কৰিবলৈ পাকিস্তানলৈ যোৱাৰ কথাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে আন এটা ঘটনাক লৈ হুলস্থূল হৈছে। শুকুৰবাৰে আবেলি এগৰাকী কিশোৰীয়ে জয়পুৰ বিমানবন্দৰলৈ গৈ পাকিস্তানলৈ যাবলৈ বিমানৰ টিকট ক্ৰয় কৰিব বিচৰাৰ কথাই আন এক ৰহস্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে কিশোৰীগৰাকীয়ে তেওঁৰ পাকিস্তানত থকা প্ৰেমিকক লগ কৰিবলৈ পাকিস্তানলৈ যাব বিচাৰিছিল। স্বাভাৱিকতে, এই কথা পোহৰলৈ অহাৰ লগে লগে, হুলস্থূল আৰম্ভ হয়।প্ৰকৃততে কি ঘটিছিল? ছোৱালীজনীয়ে বিমানবন্দৰৰ টিকট কাউণ্টাৰলৈ আহিছিল আৰু লাহোৰলৈ টিকট কাটিব বিচাৰিছিল। কিন্তু দেখা গৈছে যে তেওঁৰ ওচৰত পাছপোৰ্ট, ভিছা বা আন কোনো নথি পত্ৰ নাই। তথাপিও তেওঁ পাকিস্তানলৈ যাবলৈ বিচাৰিছিল।কিন্তু জয়পুৰৰ পৰা কোনো বিমান পাকিস্তানলৈ নাযায়।

গতিকে যেতিয়া ছোৱালীজনীয়ে কাউণ্টাৰলৈ আহি লাহোৰলৈ টিকট বিচাৰিছিল, সকলোৱে ভাবিছিল যে তেওঁ হয়তো ধেমালি কৰিছে। ছোৱালীজনীয়ে পিছত কয় যে তেওঁ পাকিস্তানত থকা তেওঁৰ প্ৰেমিকৰ ওচৰলৈ যাব বিচাৰিছে। ঘটনাটো ইয়াতে শেষ হোৱা নাছিল। ছোৱালীজনীক প্ৰশ্ন কৰাৰ পিছত আন এটা “কাহিনী” পোহৰলৈ আহিছে। তেওঁ কয় যে তেওঁ প্ৰকৃততে পাকিস্তানীহে। তেওঁ তিনি বছৰ আগতে ভাৰতলৈ আহিছিল। তেওঁ খুৰা আৰু খুড়ীৰ সৈতেহে ভাৰতত আছে। কিন্তু এতিয়া তেওঁ নিজৰ দেশলৈ ঘূৰি যাব বিচাৰিছে। স্বাভাৱিকতে, তেওঁৰপ কোৱা শুনি সকলোৱে আচৰিত হৈছিল আৰু আৰক্ষীক খবৰ দিয়া হৈছিল। কিন্তু পিছলৈ সত্যটো পোহৰলৈ আহে। ছোৱালীজনী ৰাজস্থানৰ ৰতনপুৰ গাঁৱৰ বাসিন্দা। তেওঁৰ প্ৰকাশ কৰিছে যে তেওঁ কেৱল সকলোৰে মনোযোগ আকৰ্ষণ কৰিবলৈহে এনে কৰাৰ পৰিকল্পনা কৰিছিল। ঘটনাৰ প্ৰকৃত ৰহস্য অৱশ্যে এতিয়াও ফাদিল হোৱা নাই।

Leave A Reply

Your email address will not be published.