Breaking

১২ ফুট উচ্চতাৰ ছবি অংকনৰে লাভলীনাক উস্ম আদৰনী

0 1,571

টকিঅ’ অলিম্পিকত ঐতিহাসিক ব্ৰঞ্জৰ পদক জয়ৰে অসমলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁইৰ এখন ছবি অংকন কৰিছে নগাঁৱৰ ননৈৰ এজন প্ৰতিভাসম্পন্ন ছাত্ৰই । ছাত্ৰ জনে অংকন কৰা ছবিখনৰ উচ্চতা প্ৰায় ১২ ফুট । নগাঁও জিলাৰ ননৈ পানীগাঁৱৰ কুকিল শইকীয়া নামৰ প্ৰতিভাসম্পন্ন এই ছাত্ৰ গৰাকীয়ে অংকন কৰিছে ছবিখন । লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ তৃতীয় বৰ্ষৰ ছাত্ৰ কুকিল শইকীয়াই লাভলীনাক লৈ গৌৰৱ অনুভৱ কৰে । কুকিলে তেওঁৰ ভাতৃ ধ্ৰুৱজ্যোতি শইকীয়াৰ সহযোগত ৩৬ নং চাৰিলেন যুক্ত পথৰ ননৈ বাদল গাঁৱৰ উৰনীয়া সেতুৰ দেৱালত লাভলীনাৰ ছবি অংকন কৰিছে । লাভলীনাৰ এই ছবিখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কুকিলে কয় যে- লাভলীনাক আদৰণী জনোৱাৰ লগতে তেওঁৰ প্ৰতি শুভ কামনা জনাবলৈ ছবিখন অংকন কৰা হৈছে । তদুপৰি লাভলীনাই যাতে ভবিষ্যতে উন্নত প্ৰদৰ্শন কৰিব পাৰে , অসমৰ ল’ৰা- ছোৱালী সকল যাতে লাভলীনাৰ দৰে আগবাঢ়ি যাব পাৰে তাৰ বাবে তেওঁলোকক উৎসাহিত কৰাৰ প্ৰয়াসৰে ছবিখন অংকন কৰা হৈছে । এই ছবিখন অংকন কৰোতে তেওঁৰ বন্ধু বিদ্যুৎ , শংকৰ আৰু সৌভিকে সহায় কৰে । উল্লেখ্য যে ,কুকিলে ইতিমধ্যে এ পি জে আব্দুল কালাম , জুবিন গাৰ্গ , পাপন , বিষ্ণু প্ৰসাদ ৰাভা , কে কে , মোহনকে ধৰি বিভিন্ন জনৰ ফটো অংকন কৰিছে ।

Leave A Reply

Your email address will not be published.