Breaking

লাহৰিঘাটত লুইতৰ তীব্ৰ খহনীয়া অব্যাহত

0 2,026

মৰিগাঁও জিলাৰ লাহৰিঘাটৰ কাঠনিত পুনৰ বৰলুইতে ধাৰণ কৰিছে ৰুদ্ৰমূৰ্তি।প্ৰতি দিনেই খহিছে লুইতৰ পাৰ।আংত বিৰাজ কৰিছে নৈপৰীয়া কাঠনি বাসী ৰাইজৰ মাজত। কিন্তু কোনো কাণ সাৰ নাই মৰিগাঁও জিলাৰ বিয়াগোম জলসম্পদ বিভাগৰ বিষয়া অভিযন্তাৰ। বিভাগটোৰ বৰমুৰীয়া সকলৰ গাফিলতিৰ ফলতেই প্ৰত্যেক বছৰে ব্ৰহ্মপুত্ৰ বুকুত ভেটি-মাটি হেৰুৱাব লগা হয় হাজাৰ লোকে। বিষয়া অভিযন্তাই কামৰ সময়ত কাম নকৰাৰো গুৰুতৰ অভিযোগ আছে। ঠিকাদাৰ সকলৰ লগত নিজৰ অংক নিমিলা পৰ্যন্ত কোনো এটা কাম নকৰে মৰিগাঁও জিলাৰ জলসম্পদ বিভাগটোৱে।যাৰ বাবে  এতিয়া মৰিগাঁও জিলা জলসম্পদ বিভাগৰ বিষয়া অভিযন্তা ৰ ওপৰত  ক্ষুব্ধ হৈছে নৈ পৰীয়া ৰাইজ।উল্লেখ্য যে অসমৰ মুখ্য মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাক তথা বিভাগীয় মন্ত্ৰী পিষুজ হাজৰিকাক কাঠনি বাসী ৰাইজৰে খহনীয়াৰ স্হায়ী সমাধানৰ বাবে অনুৰোধ জনায়।।

Leave A Reply

Your email address will not be published.