Lukewarm Water: কুহুমীয়া পানী খাই নেকি? কুহুমীয়া পানীৰ আছে বহু অপকাৰিতা

পানীয়ে জীৱৰ প্ৰাণ। পানী আমাৰ জীৱনৰ বাবে এক গুৰুত্বপূৰ্ণ অংগ। বায়ুৰ পিছত জীয়াই থকাৰ বাবে পানী আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান বুলি গণ্য কৰা হয়। বহুতো স্বাস্থ্য বিশেষজ্ঞই আমাক সাধাৰণ পানীৰ পৰিৱৰ্তে কুহুমীয়া পানী খাবলৈ পৰামৰ্শ দিয়ে। (Lukewarm Water)

(drink only lukewarm water for a month)কুহুমীয়া পানী আমাৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়। কুহুমীয়া পানী খাব লাগে, কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে যদি আপুনি এমাহৰ বাবে দৈনিক কেৱল কুহুমীয়া পানীহে খায় তেন্তে ই আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰ হ’বনে ক্ষতি হ’ব! আহকচোন জানো আজি ঠাণ্ডা, গৰমৰ পৰিৱৰ্তে কুহুমীয়া পানীৰ উপকাৰিতা আৰু অপকাৰিতাৰ বিষয়ে।(Effect Of Lukewarm Water)

কুহুমীয়া পানী খোৱাৰ উপকাৰিতাৰ-(benefits of drinking lukewarm water)

১/ জিলিকি থকা ছাল(skin)
বহু ছালৰ যত্ন বিশেষজ্ঞৰ মতে এজন ব্যক্তিয়ে যদি এমাহ কুহুমীয়া পানী খায় তেন্তে তেওঁৰ ছালখন উজ্বল হৈ উঠিব আৰু ছালৰ বহু সমস্যাৰ পৰাও আৰোগ্য হ’ব পাৰে।

২/ শীতকালত লাভৱান হোৱা(Benefit in winter season)
বিশেষকৈ শীতকালত গৰম পানীয়ে শাৰীৰিক স্বাস্থ্য উন্নত কৰাত সহায় কৰে। চৰ্দি, কাহ, জ্বৰৰ দৰে ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি প্ৰদান কৰে।

৩/ ওজন নিয়ন্ত্ৰণ(Weight Control)
কুহুমীয়া পানী সেৱনে ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে, কিয়নো ই ভোক কমায় আৰু বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে।

আনহাতে কুহুমীয়া পানী খোৱাৰ অসুবিধাও আছে-

১) শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱ(Lack of nutrients in the body)
যদি আপুনি এমাহলৈকে কেৱল কুহুমীয়া পানীহে খাই থাকে তেন্তে অত্যাৱশ্যকীয় পুষ্টি আৰু ভিটামিনৰ অভাৱত ভুগিব পাৰে, যাৰ ফলত শৰীৰত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে।

২/ শাৰীৰিক সমস্যা
কুহুমীয়া পানী খালে শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে। যেনে- প্ৰস্ৰাৱত অসুবিধা, ভাগৰুৱা, আৰু সঘনাই প্ৰস্ৰাৱ কৰা ইত্যাদি।

এই কথা মনত ৰাখিব
সুস্বাস্থ্যৰ বাবে প্ৰয়োজন অনুসৰি কুহুমীয়া পানী খাব পাৰে, কিন্তু কেৱল কুহুমীয়া পানী খালে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে। ইয়াৰ পৰিমাণ কিমান হ’ব লাগে সেই বিষয়ে চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজনীয়।

Related Articles