Breaking

শিমলীতোলাত বিদ্যালয়ৰ মজিয়াত পচি নষ্ট হল মধ্যাহ্ন ভোজনৰ চাউল

0 2,028

পূৱ গোৱালপাৰা জিলাৰ দুধনৈ শিক্ষা খণ্ডৰ শিমলীতোলা অঞ্চলৰ ১ নং কানকটা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে সংঘটিত কৰিছে নজিৰবিহীন কাণ্ড। জানিব পৰা মতে চৰকাৰে ছাত্ৰ ছাত্ৰীৰ বাবে যোগান ধৰা মধ্যাহ্ন ভোজনৰ চাউল ছাত্ৰ ছাত্ৰীক বিতৰণ নকৰাত বিদ্যালয়ৰ মজিয়াতেই বুজন পৰিমাণৰ চাউল পচি নষ্ট হয়। বিদ্যালয়ৰ প্ৰধান শিক্ষক সহৰ আলী হেনো আগৰটো লকডাউনৰ পৰাই ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ চাউল বিতৰণ কৰা নাই। ফলত বুজন সংখ্যক চাউল বিদ্যালয়ৰ মজিয়াত নষ্ট হয়। বৃহস্পতিবাৰে প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়া ৰীতা ৰাভাই অভিযোগৰ ভিত্তিত বিদ্যালয়ত উপস্থিত হৈ বিষয়াটো চৰজমিন তদন্ত কৰে আৰু তদন্তৰ পাছতেই ওলাই পৰে জোলোঙাৰ মেকুৰী। কোনোমতেই চাউলৰ অংক মিলাব নোৱাৰে প্ৰধান শিক্ষক গৰাকীয়ে সেয়ে শিক্ষা বিষয়া গৰাকীৰ উপস্থিততেই ৰাইজৰ একাংশই জৱাবদিহিও কৰে প্ৰধান শিক্ষক গৰাকীক। একাংশই প্ৰশ্ন উত্থাপন কৰিলে কিহৰ বাবে মধ্যাহ্ন ভোজনৰ চাউল মজুত কৰি ৰাখিলে বিদ্যালয়ৰ কোঠাত। সকলোৱে মাজত কৌতুহল সৃষ্টি হয়, ইফালে চাউল বিচাৰি শিক্ষাৰ্থীয়ে ঘেৰি ধৰে শিক্ষা বিষয়া গৰাকীক। উল্লেখ্য যে তদন্তৰ যোগেদি ১ নং কানকটা প্ৰাথমিক বিদ্যালয় চাউল কেন্দ্ৰিক বিতৰ্কৰ সকলোৱে অৱসান হোৱাটো বিচাৰিছে।

Leave A Reply

Your email address will not be published.