Breaking

অন্ধ্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগনৰ কাৰ্যালয়ত বিলাসী শোৱনি কোঠা! সকলোবোৰ সামগ্ৰী বিদেশৰ আমদানিকৃত…

0 21

শেহতীয়াভাৱে অনুষ্ঠিত অন্ধ্ৰপ্ৰদেশ বিধানসভা নিৰ্বাচনত শাসন ক্ষমতাৰ পৰা বিতাড়িত হৈছে ৱাইএছ জগন ৰেড্ডী।নতুন মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছে চন্দ্ৰবাবু নাইডুৱে।চন্দ্ৰবাবুৱে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ দায়িত্ব গ্ৰহণৰ পিচতে পোহৰলৈ আহিছে জগনৰ বিলাসিতাৰ এক আশ্চৰ্যকৰ ছবি।ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে জগনে জনসাধাৰণৰ প্ৰতি যিমান মনোযোগ দিব লাগিছিল, তাতকৈ যে নিজৰ লাহ-বিলাহৰ বাবে অধিক ব্যস্ত হৈ আছিল সেই কথা প্ৰকাশ পাইছে তেওঁৰ কাৰ্যালয়টোৰ ভিতৰত থকা এটা শোৱনি কোঠাৰ সাজসজ্জা আৰু তাত ব্যৱহৃত সামগ্ৰীৰ পৰা।

অতি অত্যাধুনিক আৰু ব্যবহুল সামগ্ৰীৰে সজ্জিত এই শোৱনি কোঠাটোত ব্যৱহৃত সামগ্ৰীৰ মূল্যই সকলোৰে চকু কপালত তুলিব। জগনৰ কেম্প অফিচৰ বাবে বিশাখাপট্টনমৰ ৰুশিকোণ্ডাত নিৰ্মাণ কৰা এই প্ৰাসাদটোৰ বাবেচৰকাৰী পুঁজিৰ পৰা কৰা ব্যয়ৰ কথা জানিলে সকলোৱে আচৰিত হৈ উঠিব।কিয়নো এই প্ৰাসাদটোৰ সাজসজ্জা আৰু আচবাবৰ সামগ্ৰীৰ মূল্যৰ বিষয়ে যদি আপুনি জানে, তেন্তে আপোনাৰো চকু থৰ লাগিব।

বিচনাৰ পৰা আৰম্ভ কৰি মুখধোৱা বেচিন, বাথটাব, শৌচাগাৰৰ কমোড আৰু খিৰিকীৰ বাবে ব্যৱহৃত পৰ্দা, মুখ চাবলৈ ব্যৱহাৰ কৰা আইনা- এই সকলোবোৰ বিদেশৰ আমদানিকৃত। আনকি শৌচালয়ৰ দেৱালত ব্যৱহৃত চাদৰবোৰো বিদেশী।তেওঁ এই প্ৰাসাদোপম শোৱনিকোঠাটো ইমান আড়ম্বৰপূৰ্ণভাৱে নিৰ্মাণ কৰিছে, যাতে প্ৰতিটো পদক্ষেপতে ৰাজকীয়তা ভৰি থাকে।কিন্তু জগনক জনসাধাৰণে নাকচ কৰি ঘৰৰ মানুহ ঘৰলৈ পঠিয়াই দিয়াৰ পিচতে ৰুশিকোণ্ডাৰ এই ৰহস্য ফাদিল হৈছে।যিবোৰ প্ৰত্যক্ষ কৰি এতিয়া ধনীতকৈ ধনীলোক সকলো আচৰিত হৈ পৰিছে। ৰুশিকোণ্ডাত নিৰ্মাণ কৰা অট্টালিকাসমূহৰ ভিতৰত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ প্ৰয়োজনীয়তাৰ বাবে বিজয়নগৰ ব্লক নামৰ তিনিটা অট্টালিকা নিৰ্মাণ কৰা হৈছিল। মুখ্যমন্ত্ৰীৰ বাসগৃহত শোৱনিকোঠাটোৰ খৰচৰ কথা শুনি আপুনিও হতবাক হ’ব। কোঠাটো পাতল সোণৰ ৰঙেৰে জিলিকিবলৈ বিশেষ কাৰু শিল্পস্থাপন কৰা হৈছে। কোঠাটোৰ মজিয়াৰ বাবে গ্ৰেনাইট বিশেষভাৱে ইউৰোপৰ পৰা অনা হৈছিল।তাত মাৰ্বলৰ সৈতে এটা বিশেষ ডিজাইন খোদিত কৰা হৈছে।তাত ব্যৱহৃত বিচনা, গাদী, চকী আৰু মেজবোৰ বিদেশৰ পৰা অনা হৈছিল।কোঠাটোত বায়’মেট্ৰিকভাৱে সক্ষম ৱাৰ্ডৰ’ব স্থাপন কৰা হৈছে।তাত বিলাসী স্পা আৰু শৌচালয়ো আছে। আনহাতে, শৌচালয়ৰ কমোডটো জাপানৰ। সাধাৰণতে কেৱল অতি ধনী লোক সকলেহে এনে বস্তু ক্ৰয় কৰে।ইয়াৰে প্ৰতিটোৰে মূল্য ১৫লাখ টকালৈকে হ’ব বুলি অনুমান কৰা হৈছে।ৰুশিকোণ্ডাৰ অট্টালিকাসমূহৰ বাবে ব্যৱহৃত গ্ৰেনাইট আৰু মাৰ্বল পাঁচখন দেশৰ পৰা আমদানি কৰা হৈছিল।ভিয়েটনাম, স্পেইন, ইটালী, নৰৱে আৰু ব্ৰাজিলৰ সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল।

Leave A Reply