গুৱাহাটী, ১১ অক্টোবৰ : Kamrup। Maa Kamakhya। মানুহে ঈশ্বৰক কল্পনা কৰিয়েই ক্ষান্ত থকা নাই।ঈশ্বৰ নাৰী নে পুৰুষ সেই বিতৰ্কটো মানুহে ভাগ লৈছে।ঈশ্বৰৰ অস্তিত্বৰ প্ৰশ্নত নাস্তিক সকলে ঈশ্বৰক বিশ্বাস কৰা সকলক মানসিক ভাৱে দুৰ্বল বুলি অভিহিত কৰিছে।কিন্তু তাৰ বিপৰীতে বিশ্বাস আৰু বিজ্ঞানক ভেজা দি বিভিন্ন ধৰ্মৰ লোকে তত্বৰ আধাৰত বিভিন্ন ধৰণে ঈশ্বৰক বিচাৰি পাবলৈ চেষ্টা কৰিছে। ( Kamakhya Devi Temple)
কিছুমানে ঈশ্বৰক নাৰী আৰু আন কিছুমানে পুৰুষ আৰু এচামে অসীম শক্তি হিচাপে বিশ্বাস কৰি গছ গছনি,শিল আদি জড় পদাৰ্থটো ঈশ্বৰক বিচাৰি পাবলৈ চেষ্টা কৰিছে।কিন্তু যিয়ে যি হিচাপেই কল্পনা নকৰক কিয় পৃথিৱীত এক অদৃশ্য শক্তি আছে যাৰ ফলতে পৃথিৱীখন আজিৰ অৱস্থাটোলৈ উন্নীতকৰণ হৈছে আৰু ভৱিষ্যতে যদি এই মহান সৃষ্টিৰ ধংস হয় তাৰ বাবেও সেই শক্তিয়েই হয়তো জগৰীয়া হ’ব।যিয়ে যি নাভাবক কিয় এই লেখকে সেই শক্তিকে ঈশ্বৰ হিচাপে মানি লৈছে আৰু মানি থাকিব।অৰ্থাৎ সেই অদৃশ্য শক্তিয়েই আজিৰ সমাজৰ চালিকা শক্তি। ভাৰতীয় পৰম্পৰাত এই অদৃশ্য শক্তিৰে এটি ৰূপ হ’ল শাক্তৰ উৎস দেৱী দুৰ্গা।শাক্তধৰ্মৰ আক্ষৰিক অৰ্থ শক্তিবাদ।
ই হিন্দুধৰ্মৰ এটি শাখা।হিন্দু ধৰ্মত দেৱীক পৰম আৰু সৰ্বোচ্চ ঈশ্বৰ বুলি ভবা হয় আৰু এই মতবাদৰ ওপৰত ভিত্তি কৰিয়েই শাক্ত ধৰ্মৰ উদ্ভৱ হৈছে।এই ধৰ্ম লোৱা লোক সকলক শাক্ত বুলি ধৰা হয়।হিন্দু ধৰ্মৰ প্ৰধান তিনিটা ভাগৰ ভিতৰত অন্যতম হৈছে শাক্তধৰ্ম।আন দুটা ভাগ হৈছে বৈষ্ণৱ ধৰ্ম আৰু শৈৱ ধৰ্ম। আনহাতেদি তন্ত্ৰ শাস্ত্ৰৰ পশ্চিমীয়া পণ্ডিত ছাৰ জন উড্ৰফে আগম আৰু তন্ত্ৰক বহল ভাৱে শৈৱ আৰু বৈষ্ণৱ আৰু সূক্ষ্মভাৱে শৈৱ,শাক্ত আৰু বৈষ্ণৱ হিচাপে তিনি ভাগত বিভক্ত কৰিছে।ছাৰ জন উড্ৰফে আগম ভাগটোৰ জৰিয়তে পৰম আৰাধ্য দেৱতাক পৰহন্তা ৰূপে আৰু ঈশ্বৰক জোৰা লগোৱা দুটা শক্তি ৰূপে ধাৰণা দিছে।
বিধি বিধানৰ ফালৰ পৰা আগমৰ সাধাৰণ সম্পদ,মন্ত্ৰ,বীজ,যন্ত্ৰ,মুদ্ৰা,ন্যাস,ভূতশুদ্ধি, কুণ্ডলীযোগ,ক্ৰিয়া,চৰ্চা আৰু মায়া যোগ।তন্ত্ৰ মূলতে ভাৰতৰ নাছিল বুলি পণ্ডিত সকলে ক’ব খোজে।আনহাতেদি বৈদিক ধৰ্মৰ ওপৰত আদিমবাসীসকলৰ ধৰ্মৰ তন্ত্ৰ মন্ত্ৰৰ প্ৰতিক্ৰিয়াৰ ফলতে তান্ত্ৰিকতাৰ উদ্ভৱ হোৱা বুলি আন এচাম পণ্ডিতে বিশ্বাস কৰে।হিন্দু ধৰ্মত হঠাতে তান্ত্ৰিকতাৰ প্ৰৱেশৰ প্ৰতি লক্ষ্য ৰাখি ড০ বিনয়তোষ ভট্টাচাৰ্য্যই বৌদ্ধ ধৰ্মৰ পৰা তন্ত্ৰ মন্ত্ৰবোৰ হিন্দু ধৰ্মত সোমাই পৰা বুলি কৈছে।
ভাৰতৰ উত্তৰ পূবৰ এক বিস্তীৰ্ণ অঞ্চল কামৰূপ প্ৰাচীন কালৰ পৰাই শক্তি সাধনাৰ উপযুক্ত স্থান বুলি পৰিগণিত হৈ আহিছে। মই আগতেই উল্লেখ কৰিছোঁ যে মানুহে আদিৰে পৰাই গছ-গছনি আনকি জড় পদাৰ্থটো ঈশ্বৰ থকা বুলি বিশ্বাস কৰিছিল আৰু এতিয়ালৈকে কৰি আছে।মানুহে আদিতে প্ৰকৃতি পূজাৰ লগতে প্ৰকৃতিৰ অংশীদাৰ স্বৰূপ কিছুমান শক্তি যেনে সূৰ্য্য, বায়ু,অগ্নি,পৰ্বত-পাহাৰ,গছ-গছনি,নৈ আদিক ঈশ্বৰসম জ্ঞান কৰি পূজা কৰিছিল।আজিও ইয়াৰ ব্যতিক্ৰম হোৱা নাই।এতিয়াও ঠায়ে ঠায়ে বটগছ,বেলগছ আদিৰ সন্মূখত চাকি জ্বলাই আৰু নৈ পাৰ হলে সেৱা কৰি ঈশ্বৰৰ অস্তিত্বত বিশ্বাস কৰি অহা হৈছে।এই বিশ্বাস কৰা সকল একেবাৰে অশিক্ষিতেই যে তেনে নহয়,অতি শিক্ষিত লোকো আছে।শিৱ লিংগক পূজা,মূৰ্ত্তি পূজা,ধৰ্মপুথিক সেৱা,ঈশ্বৰ বুলি আকৌ এচামে মানুহকো সেৱা কৰা ইত্যাদি ইত্যাদি চলি আছে। ইতিহাসৰ পম খেদি দেখা যায় যে শ শ বছৰ অতিক্ৰম কৰাৰ পাছত প্ৰাচীন ভাৰতবাসীৰ ভৌগোলিক স্থিতি, প্ৰাকৃতিক পৰিৱেশ,ধৰ্মীয় বিশ্বাস,সাংস্কৃতিক ৰীতি অনুযায়ী উপাসনা কৰা দেৱ দেৱী সমূহ নিৰ্দিষ্ট হৈ পৰে।অসমো ইয়াৰ ব্যতিক্ৰম হোৱা নাই।উত্তৰ পূৱ ভাৰততে তন্ত্ৰ আৰু শাক্ত ধৰ্মৰ উৎপত্তি হৈছিল বুলি পণ্ডিত সকলে মত প্ৰকাশ কৰিছে।চতুৰ্থ-পঞ্চম শতিকাৰ পৰা তান্ত্ৰিক সাহিত্যৰ উদ্ভৱ হয় আৰু সপ্তম শতিকাত সি প্ৰবল হৈ পৰে।অসমতো এনে এক প্ৰক্ৰিয়াৰে আৰম্ভ হৈছিল শাক্ত ধৰ্ম আৰু লগে লগেই যেন আৰম্ভ হৈছিল শক্তি পূজা।দশম শতিকাত কালিকা পুৰাণ ৰচিত হোৱাৰ পৰা কামৰূপত শাক্তধৰ্মৰ লগতে শাক্ত সম্প্ৰদায়ৰ প্ৰভূত্ব বাঢ়িবলৈ ধৰা বুলি অনুমান কৰিব পাৰি।
শাক্ত ধৰ্মৰ মূল উপাস্য হৈছে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী।এই দেৱীৰ আকৌ ভিন্ন ৰূপ।
ভগৱতী,চণ্ডী,কাত্যায়নী,কামাখ্যা,উমা,পাৰ্ৱতী, মহিষ মৰ্দিনী,ভৈৰৱী,চামুণ্ডা,কালী,মহামায়া, লক্ষ্মী,সৰস্বতী,গৌৰী,তাৰা ইত্যাদি ইত্যাদি। অসমত শক্তি ধৰ্মৰ ইতিহাস আৰু পৰম্পৰা বিচাৰিবলৈ প্ৰধানকৈ তাম্ৰলিপি,তাম্ৰশাসন, প্ৰস্তৰ-লিপি,জনশ্ৰুতি,জন-সাহিত্য,বুৰঞ্জী, সংস্কৃত আৰু লিখিত সাহিত্য সমূহক সমল হিচাপে ল’ব পৰা যায়।কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰত কৈছে – দেৱী ক্ষেত্ৰং কামৰূপং বিদ্যতেহন্যন তৎসমম, অন্যত্ৰ বিৰলা দেৱী কামৰূপে গৃহে গৃহে। অৰ্থাৎ কামৰূপৰ নিচিনা কোনো স্থান নাই যি ঠাই দেৱীৰ আৱাসৰ বাবে উপযুক্ত।আন দেশত যি দুৰ্লভ সেই দেৱী কামৰূপৰ ঘৰে ঘৰে। পুৰাণত উল্লেখ আছে যে প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকেই শক্তি সাধনাৰ প্ৰথম সেৱক। তেওঁৱেই পোণপ্ৰথমে প্ৰাগজ্যোতিষপুৰত দেৱী পূজাৰ প্ৰচলন কৰিছিল।আচলতে নৰকেনো কিয় শক্তিৰ উপাসক হৈ পৰিল।এই সম্পৰ্কে কালিকা পুৰাণত এক আখ্যান আছে। সেই অনুসৰি নৰকাসুৰৰ জন্ম হয় বসুমতীৰ গৰ্ভত আৰু বিষ্ণুৰ ঔৰসত।
বিষ্ণুৱে নৰকক প্ৰাগজ্যোতিষপুৰৰ ৰজা পাতে।ইয়াৰ লগতে বিষ্ণুৱে নৰকক নিৰ্দেশ দিয়ে-তুমি সদায় কামৰূপৰ নীলাচলতে বাস কৰিবা আৰু কামাখ্যাৰ বাহিৰে আন দেৱতাৰ পূজা নকৰিবা।ইয়াৰ ব্যতিক্ৰম কৰিলেই তোমাৰ প্ৰাণ নাশ হ’ব।ইয়াৰ ফলতেই নৰকাসুৰ শক্তিৰ উপাসক হৈ পৰে।নৰকাসুৰৰ পিছত তেওঁৰ পুত্ৰ ভগদত্তৰ দিনত শাক্ত ধৰ্মৰ ভেটি কিছু দুৰ্বল হৈ পৰিছিল।৩৮০ খ্ৰীষ্টাব্দ মানৰ পৰা ৬৫০ খ্ৰীষ্টাব্দ মানলৈ ভগদত্তৰ পৰা যি সকল ৰজাই শাসন কৰিছিল তেওঁলোকৰ বেছিভাগেই শাক্ত সাধনাতকৈ শৈৱ ধৰ্মৰ প্ৰতিহে আসক্ত আছিল।ইয়াৰ পিছত অৰ্থাৎ ভাস্কৰ বৰ্মাৰ পিছত ৬৫০ ৰ পৰা ১০০০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰা শালস্তম্ভ আৰু প্ৰালম্ভ ৰজা সকল শৈৱ আছিল।ড০ সুনীতি কুমাৰ চেটাৰ্জীৰ মতে প্ৰালম্ভ ৰাজবংশীয় ৰজা সকল শৈৱ আছিল।যদিও সেই সকল ৰজা শৈৱ আছিল,প্ৰালম্ভ বংশোদ্ভৱ ৰজা বনমাল বৰ্মনৰ (৮৩৫ – ৮৬০ খ্ৰীষ্টাব্দ)তাম্ৰ শাসন ফলিত ‘কামেশ্বৰ মহাগৌৰী’ যুগল উপাসনাৰ কথা উল্লেখ থকাৰ পৰা বুজা যায় যে সেই সময়ত শিৱ পাৰ্ৱতীৰ যুগল উপাসনাৰ পদ্ধতি প্ৰৱৰ্তন আছিল।ইয়াৰ উপৰিও সপ্তম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত খোদিত কৰা বুলি অনুমান কৰা কেবাটাও দুৰ্গা আৰু আন দেৱ দেৱীৰ মূৰ্তিসমূহে প্ৰমাণ কৰে যে সেই সময়ত শৈৱ ধৰ্মই প্ৰাধান্য লাভ কৰিলেও শক্তিৰ উপাসনা কিন্তু চলিয়েই আছিল।ইয়াৰ পিছত ১০০০ খ্ৰীষ্টাব্দৰ পৰা ১১২৫ খ্ৰীষ্টাব্দৰ ভিতৰত পালবংশীয় ৰজা সকলৰ ৰাজত্ব কালত শক্তিবাদৰ ঢৌ প্ৰবল হৈ পৰে।আকৌ খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকা মানৰ পৰা ৰাজনৈতিক ক্ষমতা আৰু প্ৰতিদ্বন্দিতাৰ বাবে বিশাল কামৰূপ ৰাজ্য কেবাখনো সৰু সৰু ৰাজ্যত ভাগ হৈ যায় যদিও সেই সকলৰ ভিতৰত কমতা ৰাজ্য শাসন কৰা খেন বংশীয় ৰজাসকলে শাক্তধৰ্মত বিশ্বাস কৰিছিল বুলি ইতিহাসে কয়।ইয়াৰ উপৰিও চুতীয়া ৰজা আৰু সেই সম্প্ৰদায়ৰ লোক সকল ঘোৰ শাক্ত আছিল।তেওঁলোকে কেঁচাইখাইতীৰ ৰূপত কালী গোঁসানীৰ উপাসনা কৰিছিল।কেঁচাইখাইতী গোঁসানীৰ সন্মূখত পশু বলিৰ উপৰিও নৰবলি দিয়া হৈছিল।কেচাঁইখাইতী গোসাঁনীৰ আগত বলি দিয়াৰ কথা কছাৰী বুৰঞ্জীত উল্লেখ আছে।
১২২৮ খ্ৰীষ্টাব্দৰ আহোম ৰজা চুকাফাৰ পৰা ১৪৯৭ খ্ৰীষ্টাব্দৰ চুপিম্ ফা লৈ চুডাংফা বা বামুণী কোঁৱৰৰ বাহিৰে কোনো আহোম ৰজাই বা বিষয়াই হিন্দু ধৰ্ম গ্ৰহণ কৰা নাছিল।কিন্তু ইয়াৰ পিছত আহোম ৰজা প্ৰতাপ সিংহই অসমত প্ৰথম দুৰ্গা দেৱীৰ মৃন্ময় মূৰ্ত্তি সাজি দুৰ্গা পূজাৰ শুভাৰম্ভ কৰে।অৰ্থাৎ ১৬৯৭ ৰ পৰা ১৭৮০ খ্ৰীষ্টাব্দলৈ প্ৰতাপ সিংহৰ পৰা লক্ষ্মী সিংহৰ দিনলৈ প্ৰায়বোৰ ৰজাই হিন্দু ধৰ্মত দীক্ষিত হৈ শাক্ত ধৰ্মৰ প্ৰতি
আসক্ত হৈ পৰে।
কোঁচ সকলেও যে শাক্তধৰ্মৰ উপাসক আছিল তাৰ প্ৰমাণ বৰ্তমানৰ নীলাচলস্থিত কামাখ্যা মন্দিৰ।কোঁচ ৰজা বিশ্ব সিংহই কামাখ্যা মন্দিৰ নিৰ্মাণ কৰাই তাত পূজা সেৱাৰ ব্যৱস্থা কৰি দিছিল।আনহাতেদি তেওঁৰ পুত্ৰ নৰনাৰায়ণে ১৫৫৩ চনত কালাপাহাৰে ভাঙি ছিঙি থৈ যোৱা কামাখ্যা মন্দিৰ পুনৰনিৰ্মাণ কৰে।মধ্যযুগীয় শাসনত কামৰূপত যে শাক্ত সাধনা হৈছিল সেই কথা ‘গুৰুচৰিত’টো উল্লেখ আছে।
গতিকে ওপৰোক্ত বিশ্লেষণৰ পৰা এটা কথা স্পষ্ট যে জনসংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি যদি চোৱা যায় তেন্তে আজিও অসমৰ অৰ্থাৎ গৰিষ্ঠ সংখ্যক লোকে শাক্তধৰ্মত বিশ্বাস কৰে।পৰিবৰ্তিত সমাজ ব্যৱস্থাত বলি বিধানৰ মাত্ৰা কমি গলেও সেয়া সমুলি নিষিদ্ধ কৰাটোও অসম্ভৱ বুলি এই লেখকে অনুভৱ কৰে।আজিৰ পৰা পাঁচশ বা এহেজাৰ বছৰৰ পিছত পৰিবৰ্তিত সমাজ ব্যৱস্থাত বলি বিধানৰ গুৰুত্ব কমি গলেও শক্তি পূজা যে অনন্ত কাললৈকে চলি থাকিব সেয়া নিশ্চিত।
লেখক: প্ৰবোধ চন্দ্ৰ মিশ্ৰ (Prabodh Chandra Mishra)