Magh bihu 2025: মাঘ বিহুৰ ঐতিহ্য আৰু পৰম্পৰা সঠিক ভাবে ৰক্ষা কৰিলেহে বিহু যুগমীয়া আৰু গৌৰৱশালী হৈ থাকিবঃ মহাসংঘ

বিহু আমাৰ হাজাৰ বছৰীয়া জাতীয় উৎসৱ। খিলঞ্জীয়া জনগোষ্ঠীসমূহলৈ আগন্তুক মাঘ বিহুৰ শুভেচ্ছা জনাই অসমৰ জাতি সংঘ অসম সন্মিলিত মহাসংঘই কয় যে যি কোনো প্ৰকাৰে মাঘ বিহুৰ ঐতিহ্য আৰু পৰম্পৰা যথাযথভাবে ৰক্ষা কৰিব পাৰিলেহে বিহু যুগমীয়া আৰু গৌৰৱশালী হৈ থাকিব।(Magh bihu 2025) কৃষি উৎসৱ মাঘ বিহুৰ উৰুকাৰ দিনা ভেলাঘৰ আৰু মেজি নিৰ্মাণ কৰি বয়স অনুযায়ী লগ ভাত খোৱাৰ ঐতিহ্য ৰক্ষা কৰাটো জাতীয় দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত পৰে বুলি মহাসংঘৰ সভাপতি শান্তনু দাস বৰহাজোৱাল, কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান আৰু মহা সচিব পূৰ্ণানন্দ ৰাভাই সংবাদ মাধ্যমৰ জৰিয়তে খিলঞ্জীয়া জনগণক কয়।

হাজাৰ হাজাৰ বছৰ ধৰি পালন কৰি অহা বিহুৰ ভেলাঘৰ আৰু মেজিৰ কোনো নিৰ্দিষ্ট আকাৰ নাই। বাহ, খেৰ, শুকান কলপাত, গছৰ শুকান ঠাল-ঠেঙুলী, কাঠ আদিৰে নিৰ্মাণ কৰা হয়। সকলোৱে হাতে-কামে সহযোগিতাৰে ভেলাঘৰ নিৰ্মাণ কৰে উৰুকাৰ নিশা ভাত-আঞ্জা ৰন্ধাৰ জৰুৰী প্ৰয়োজনৰ বাবে। ভেলাঘৰৰ ভিতৰত বহি খোৱা-লোৱাও কৰা আৰু ৰাতি জিৰণিও লয়।

পুৱা গ-পা ধুই বাহ, খেৰ, কাঠেৰে নিৰ্মিত মেজিহে জ্বলায়। ই কিন্তু জুই পূজা নহয়। আজিকালি অসমীয়া সংস্কৃতিৰ ঐতিহ্য ধ্বংস কৰিবলৈ এচাম চক্ৰান্তকাৰীয়ে উচতনি দি ভেলা ঘৰটো ৰংঘৰ, কাৰেংঘৰ আদি বিভিন্ন ঐতিহাসিক সম্পদৰ আৰ্হিত নিৰ্মাণ কৰি মেজিৰ দৰে জ্বলাই দিয়ে। আগতে বিভিন্ন সামগ্ৰী যোগান ধৰা সকলে ভেলাঘৰৰ নিৰ্মাণৰ সামগ্ৰীবোৰ পুনৰ লৈ যায়। ভেলাঘৰ কেতিয়াও নজ্বলাই। ঘৰ জ্বলোৱাটো অপ-সংস্কৃতিহে। সচেতন খিলঞ্জীয়া ৰাইজক নিজৰ নিজৰ অঞ্চলত বিহুৰ ঐতিহ্য আৰু পৰম্পৰা যথাযথভাবে যাতে ৰক্ষা হয় তাৰ বাবে সতৰ্কতা অৱলম্বন কৰিবলৈ মহাসংঘই সবিনয়ে অনুৰোধ জনাইছে।

Related Articles