বানাক্ৰান্ত শিশুৰ মাজত মেজিক বাছ! বানপানীৰ দুখ-দুদৰ্শাৰ মাজতো খেল-ধেমালিৰ মাধ্যমেৰে ব্যস্ত কৰি ৰাখিছে শিশুসকলক…

ৰাজ্যত বানৰ তাণ্ডব অব্যাহত আছে। চাৰিওদিশে বানৰ কবলত পৰি দুখ-যন্ত্ৰণাত ককবকাই আছে সৰ্বসাধাৰণ বানপীড়িত ৰাইজ। এনে যন্ত্ৰণাৰ মাজতে কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ নহিৰা-গুইমাৰাৰ লোকসকলৰ ঘৰ-দুৱাৰ বানৰ কবলত পৰিছে। উক্ত লোকসকলক ওচৰতে থকা নহিৰা -গুইমাৰা আঞ্চলিক হাইস্কুলত থকাৰ ব্যৱস্থা কৰি দিয়া হৈছে।

এনে সময়ত বানাক্ৰান্তৰ শিশুসকলৰ মানসিক দিশৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত অগ্ৰণী অনা চৰকাৰী সংগঠন “মেজিক বাছ ইণ্ডিয়া ফাউণ্ডেশ্যনে” দিনে-নিশাই কাম কৰি গৈছে। উল্লেখ্য মেজিক বাছৰ জ্যেষ্ঠ শৈক্ষিক পৰামৰ্শদাতা (Sr.Academic educator ) চুমি কলিতা আৰু জীৱন কৌশল পৰামৰ্শদাতা (Life skill educator ) উৎপল দাসে বানাক্ৰান্তৰ প্ৰায় ৪০ জন শিশুক বানপানীৰ দুখ-দুদৰ্শাৰ মাজতো খেল-ধেমালিৰ মাধ্যমেৰে ব্যস্ত কৰি ৰাখিছে। সমান্তৰালভাৱে শিশুসকলক মেজিক বাছৰ ফালৰ পৰা শিক্ষাদানও কৰি অহা হৈছে। মেজিক বাছৰ চুমি কলিতা আৰু উৎপল দাসৰ এনে পদক্ষেপক অঞ্চলটোৰ ৰাইজে ভূয়সী প্ৰশংসা কৰে।

Related Articles