Breaking

কাইলৈ পৰা আৰম্ভ মহা অম্বুবাচী! দেশী বিদেশী ভক্তৰে ভীৰ কৰিছে নীলাচলৰ বুকু…

0 40

উখল-মাখল নীলাচলৰ বুকু। কাইলৈ পৰা আৰম্ভ মহা অম্বুবাচী। কাইলৈ পুৱা ৮ বাজি ৪৩ মিনিটত প্ৰবৃত্তি।দেশী বিদেশী ভক্তৰে ভীৰ কৰিছে নীলাচলৰ বুকু।এইবাৰ অম্বুবাচীত নাথাকে কোনো VIP পাছৰ ব্যৱস্থা। ২৫ জুনৰ নিশা ৯বাজি ১৯মিনিটত হ’ব নিবৃত্তি।

উল্লেখ্য অম্বুবাচী মেলা উপলক্ষ্যে কামাখ্যা নতুন অভাৰব্ৰীজৰ কাষতে ভক্তই থব লাগিব জোতা-চেণ্ডেল।সন্ধিয়া ৮ বজাৰ পিছত মূল পথ বন্ধ কৰা হ’ব। কামাখ্যা নতুন পথৰে ৯ বজালৈকে ভক্তই আহিব পাৰিব । নিদিষ্ট কৰি দিয়া স্থানত পানীৰ ব্যৱস্থা কৰা হ’ব।যথেষ্ট সংখ্যক ভ্ৰাম্যমাণ টয়লেট থাকিব। এইবাৰৰ অম্বুবাচী মেলাত কোনো ধৰনৰ ভিআইপি পাছ নাথাকিব ।কোনো লোকে গাড়ী লৈ ওপৰলৈ আহিব নোৱাৰিব ।কামাখ্যা ষ্টেচনত আৰু পাণ্ডু ঘাটত থাকিব বিশেষ শিবিৰ।

Leave A Reply