২৮ জানুৱাৰী ২০২৫: Mahakumbha Mela 2025 ।কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভ মেলাত অংশগ্ৰহণ কৰি পবিত্ৰ গংগা নদীত পূণ্য স্নান কৰে। দেশৰ শান্তি, সমৃদ্ধি আৰু একতাৰ বাবে পূজা-অৰ্চনা কৰি তেওঁ মহাকুম্ভৰ পৱিত্ৰতা আৰু ঐতিহাসিক গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
স্নানৰ পূৰ্বে অমিত শ্বাহে সাধু-সন্তসকলৰ আশীৰ্বাদ গ্ৰহণ কৰে আৰু মেলা পৰিসৰত অনুষ্ঠিত বিশেষ পূজাৰ্চনাত অংশগ্ৰহণ কৰে। সাধুসকলৰ সৈতে এক সংক্ষিপ্ত মতবিনিময়ত তেওঁ ভাৰতীয় সংস্কৃতি, ধৰ্ম আৰু সম্প্ৰীতিৰ সমন্বয়ৰ বিষয়ে আলোচনা কৰে।
গৃহমন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমৰ সন্মুখত কয়, “মহাকুম্ভ মেলা কেৱল এক ধৰ্মীয় উৎসৱ নহয়, ই ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ এক অনন্য দৃষ্টান্ত। এই পৱিত্ৰ স্থানত অংশগ্ৰহণ কৰি গংগা মাইৰ আশীৰ্বাদ গ্ৰহণ কৰাটো মোৰ বাবে এক গৌৰৱৰ বিষয়।”
তেওঁ লগতে মেলাৰ সুষ্ঠু সঞ্চালন আৰু কঠোৰ সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰা জিলা প্ৰশাসন, সুৰক্ষা বাহিনী আৰু আয়োজকসকলক ধন্যবাদ জ্ঞাপন কৰে।
এইবাৰৰ মহাকুম্ভ মেলাত লক্ষাধিক তীৰ্থযাত্ৰী উপস্থিত হৈ পূণ্য স্নান আৰু ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰিছে। গৃহমন্ত্ৰীৰ অংশগ্ৰহণে মেলাৰ পৰিসৰত ভক্তসকলৰ মাজত বিশেষ উদ্দীপনা সৃষ্টি কৰিছে। সম্প্ৰতি মেলাখনত সুৰক্ষা আৰু শৃংখলা বজাই ৰখাৰ বাবে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।