Breaking

নগাঁৱৰ ঘূৰীয়াগাঁও ডৌকা চাপৰি সত্ৰত মহাপুৰুষ শ্ৰী শ্ৰী গোপাল দেৱৰ তিৰোভাৱ-আবিৰ্ভাৱ তিথি…

0 25

আই বজ্ৰাঙ্গী শিপিনী বঁটা প্ৰদান : বিশিষ্ট মহিলাক সন্মান

ভকতিৰ যোগেদি মানুহে নিজকে আত্মশুদ্ধি কৰিব লাগিব : সত্ৰাধিকাৰ মণি মাধৱ মহন্ত

মহাপুৰুষ শ্ৰীশ্ৰী গোপালদেৱৰ ৪১৩ সংখ্যক তিৰোভাৱ আৰু ৪৮৩ সংখ্যক আবিৰ্ভাব তিথি মহোৎসৱ ভাগ ১৩ মে’ত নাৰায়ণ ঠাকুৰ আঞ্চলিক শ্ৰীশ্ৰী গোপালদেৱ সমাজ দক্ষিণ নগাঁৱৰ উদ্যোগত বৰপাথৰি ঘূৰীয়াগাঁও ডৌকা চাপৰি সত্ৰত বৰ্ণাঢ্য কাৰ্য্যসুচীৰে উদযাপন হয় । অনুষ্ঠানত কালি পুৱা প্ৰাত:প্ৰসংগৰ পাছতেই ধৰ্মধ্বজা উত্তোলন কৰে গোপাল দেৱ সমাজৰ নাৰায়ন ঠাকুৰ আঞ্চলিকৰ সভাপতি ইন্দ্ৰমোহন গোস্বামীয়ে। তাৰ পাছতেই ভকত আদৰণিৰ পিছত দহঘৰীয়া সত্ৰৰ সত্ৰাধিকাৰ সত্ৰাধিকাৰ কমলাকান্ত মহন্তৰ প্ৰসংগ পৰিচালনাত মধ্যাহ্ন প্ৰসংগ অনুষ্ঠিত হয় । ইয়াৰ পিছতে সাজ বিতৰণ আৰু ভকত আপ্যায়ন কৰা হয় । বিয়লি ২ বজাত কমল চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত মুকলি সভা আৰু বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন হয় ।

মুকলি সভাৰ শুভাৰম্ভণি ঘটে ভাস্বতী গোস্বামীৰ বৰগীত পৰিবেশন আৰু ননৈৰ নৱমিলন শিল্পী সকলৰ দিহানাম পৰিবেশনেৰে । গোপালদেৱ সমাজৰ সম্পাদক তথা লেখক চেনাৰাম কলিতাই আদৰণি ভাষণ প্ৰদান কৰি সভাখনিত নগাঁও জিলা অগপৰ সভাপতি তথা সত্ৰাধিকাৰ মণি মাধৱ মহন্তই কয় যে মনুষ্য শৰীৰটো ভকতিৰ মন্দিৰ । ভকতিৰ যোগেদি মানুহে নিজকে আত্মশুদ্ধি কৰিব লাগিব । সত্ৰাধিকাৰ মহন্তই আৰু কয় যে গুৰু সকলে ধৰ্ম প্ৰচাৰ কৰাৰ সময়ত অৰ্থনৈতিক বুনিয়াদৰ ওপৰত গুৰুত্ব দিছিল । যাৰ বাবে মানুহক কৃষি কৰ্মৰ লগতে বস্ত্ৰৰ ক্ষেত্ৰটো গুৰুত্ব দিছিল । পৰাগমণি বৰাই আঁত ধৰা সভাখনিত শিক্ষাবিদ বুদ্ধেশ্বৰ বৰা, দীপক বৰা, জিতেন ৰাজখোৱা, পূৰ্ণ বৰা, ধ্ৰুৱজ্যোতি বৰা , জয়ন্ত বৰাকে বহুকেইজন বিশিষ্ট লোক উপস্থিত থাকে ।

উল্লেখযোগ্য যে উক্ত সভাতে অাই ব্ৰজাঙ্গী নিপুন শিপিনী বঁটা প্ৰথম গৰাকী শিপিনী ৰণথলী ৰজাভেঁটিৰ ৰুপী কলিতা, হাতীপাৰাৰ ৰানু বৰাক দ্বিতীয় আৰু উদগনি হিচাপে দেওধৰ গাঁৱৰ বিনু শইকীয়াক শিপিনী বঁটা প্ৰদান কৰা হয়। এই বঁটাত নগদ ধন মানপত্ৰ আৰু স্মাৰক প্ৰদান কৰা হয়। আই ব্ৰজাঙ্গী শিপিনী বঁটা উপৰিও অঞ্চলটোৰ বিশিষ্ট মহিলা মাইকণ বৰা, তিলোপ্ৰভা বৰা, অনু বৰা ,নিৰুপমা গায়নকে ধৰি কেইবাগৰাকী মহিলাক সম্বৰ্ধনা জনোৱা হয়। সন্ধিয়ালৈ সমূহীয়া বন্তি প্ৰজ্বলনৰ পিছত ভক্তিমূলক গীত মাতৰ অনুষ্ঠান অনুষ্ঠিত হয় । অন্যহাতে ১৪ মে’ পুৱা প্ৰাত: প্ৰসংগৰ লগতে ধৰ্মীয় কাৰ্য্যসুচীৰ অন্তত বিয়লি ধৰ্মধ্বজা অবতৰণ, সন্ধ্যা বন্তি প্ৰজ্বলন, নিশালৈ বিশিষ্ট সমাজসেৱক উৎপল বণিয়াই উদ্বোধন কৰা সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী অমৰজ্যোতি কাশ্যপ আৰু ৰাজশ্ৰী নন্দিনীৰ গীতৰ শৰাই পৰিবেশিত হয় ।

Leave A Reply

Your email address will not be published.