Mahapurush Sri Srimanta Sankardev: গুৰুজনাৰ জন্মভূমিত ৫৭৬ জয়ন্তী উৎসৱত হৰি নামৰে মুখৰিত বটদ্ৰৱাৰ আকাশ বতাহ

Mahapurush Sri Srimanta Sankardev: বটদ্ৰৱা, ১৩ অক্টোৱৰ: অসমীয়া জাতীয় জীৱনৰ মহানায়ক জগতগুৰু শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্ম জয়ন্তী উৎসৱৰ প্ৰথম দিনটোতে এক বৰ্নিল সাংস্কৃতিক শোভাযাত্রাই শনিবাৰে জিলিকিাই তুলিলে সমগ্ৰ বটদ্ৰৱা অঞ্চল৷

এই বণাঢ্য সাংস্কৃতিক শোভাযাত্রাত অংশ লয় সহাস্ৰাধিক আবাল বৃদ্ধ বনিতাই৷ পৰাম্পৰাগত সাজ পোছাকৰে প্ৰতিজন ভকত বৈষ্ণৱে সাংস্কৃতিক শোভাযাত্ৰাত অংশ লোবা দৃশ্য আছিল অতি আকৰ্ষনীয়৷ (Barpeta Satra)

আয়তীৰ উৰুলী, শঙ্খ ডবা কাহৰ লগতে অগনন ভকতৰ হৰি নামৰ ধ্বনিৰে গুৰুজনাৰ জন্মোৎসৱ প্ৰথমদিনা মুখৰিত হল বটদ্ৰৱা আকাশ বতাহ৷ উল্লেখ্য, গুৰুজনাৰ পবিএ জন্মস্হান বটদ্ৰৱাত বিগত বছৰ সমুহৰ দৰে এইবাৰো বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত তিনিদিনীয়া বনাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয় ৫৭৬সংখ্যক গুৰু জন্ম জয়ন্তী উৎসৱ৷

এই উপলক্ষে শনিবাৰে পুৱা তাল কোবোৱা প্ৰসংগ, দুই সত্ৰৰ ভকত বৈষ্ণৱৰ দ্বাৰা উষা কীৰ্তন আৰু মঞ্জিৰা নাম, আইসকলৰ নাম, খোল প্ৰসংগৰ পিছতে ১০.৩০ বজাত বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়েৰে পৰিবেষ্টিত এক সাংস্কৃতিক শোভাযাত্ৰাই বটদ্ৰৱা অঞ্চলৰ লগতে নিকটবৰ্টী ৰাইদঙীয়া, হাতীচোং, জাজৰি, মাজগাঁও, চকলাঘাট আদি প্ৰায় অৰ্দ্ধ শতাধিক গাঁও পৰিভ্ৰমণ কৰি হৰি নামৰ অমিয়া ধ্বনিৰে মূখৰিত কৰি তোলে। (Batdwara)

এই সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উপ সভাপতি অম্লানজ্যোতি দেৱ গোস্বামীয়ে৷ দিনৰ ২ বজাৰ পৰা গুৰু চৰিত পাঠ আৰু সন্ধিয়া ৬বজাত ৫৭৬ গছি বন্তিৰে প্ৰজ্বলনেৰে আলোকিত কৰে থান চৌহদ৷ নিশা ৯বজাৰ পৰা বটদ্ৰৱা দুই সত্ৰৰ যুবক বৃন্দৰ দ্বাৰা “শ্ৰী কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়ান ”ভাওনা মঞ্চস্থ হয় কীৰ্তন ঘৰৰ সভাগৃহত৷

একেদৰে দ্বিতীয়দিনা পৰম্পৰাগত ধৰ্মীয় কাৰ্যসূচীৰ ওপৰি পুৱা ১০ বজাত বৃক্ষৰোপন আৰু দিনৰ ১২ বজাৰ পৰা সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগীতা অনুষ্ঠিত হৈছে। ইপিনে দক্ষিণ জাজৰি সাৰ্বজনীন শংকৰ মন্দিৰ প্ৰাংগনতো ১২, ১৩ আৰু ১৪ অক্টোৱৰত তিনিদিনীয়াকৈ ৫৭৬ সংখ্যক জন্মজয়ন্তী উদযাপন কৰিছে।

উদ্যোক্তা সমিতিয়ে জনোৱা মতে প্ৰথম দিনা প্ৰাত:প্ৰসংগ, ধৰ্মধ্বজা উত্তোলন, অঞ্চলজুৰি ভাগৱত ভ্ৰমণৰ পিছতে দুপৰীয়া প্ৰসংগ অনুষ্ঠিত হয়। দ্বিতীয়দিনা দিনৰ ভাগত ধৰ্মীয় কাৰ্যসূচীৰ অন্তত নিশা ন বজাত অঞ্চলৰ শিশু শিল্পীসকলৰ দ্বাৰা প্ৰদৰ্শিত হয় অংকীয়া ভাওনা “ৰুক্মীনি হৰণ”। তৃতীয় দিনা অঞ্চলৰ জেষ্ঠ শিল্পীসকলে পৰিবেশন কৰিব কাল্পনিক নাটক “চন্দ্ৰহংস”।

Related Articles