Maharashtra and Jharkhand Assembly Elections: আজি ঘোষণা হ’ব মহাৰাষ্ট্ৰ-ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সময়সূচী

নতুন দিল্লী, ১৫ অক্টোবৰ: মঙলবাৰে নিৰ্বাচন আয়োগে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিব(Maharashtra and Jharkhand Assembly Elections) । এই সময়সূচী ঘোষণাৰ বাবে নিৰ্বাচন আয়োগে(Election Commission of India)) আজি বিয়লি ৩.৩০ বজাত এখন সংবাদমেলৰ আয়োজন কৰিছে । অহা ২৬ নৱেম্বৰত মহাৰাষ্ট্ৰ বিধানসভাৰ কাৰ্যকাল অন্ত পৰাৰ বিপৰীতে ঝাৰখণ্ড বিধানসভাৰ কাৰ্যকাল অহাটো বছৰৰ ৫ জানুৱাৰীত অন্ত পৰিব ।

অক্টোবৰৰ শেষৰ ফালে আৰু নৱেম্বৰৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ’ব দীপাৱলী, ছঠপূজাৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ উৎসৱ। ইয়াৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগে নৱেম্বৰ মাহৰ দ্বিতীয় সপ্তাহত ভোটগ্ৰহণৰ দিন নিৰ্ধাৰণ কৰিব পাৰে।

ইয়াৰ ফলত ভোটাৰসকল, বিশেষকৈ উৎসৱৰ বাবে সাময়িকভাৱে স্থানান্তৰ হ’ব লগা ভোটাৰসকলে নিজৰ নিৰ্দিষ্ট ভোটদান কৰিব লগা স্থানলৈ যাবলৈ যথেষ্ট সময় লাভ কৰিব । ধাৰণা কৰা অনুসৰি, সংবাদমেলখনত নিৰ্বাচন আয়োগে বহুকেইখন ৰাজ্যত হ’বলগা উপ-নিৰ্বাচনৰো দিন ঘোষণা কৰিব পাৰে । বহুকেইখন ৰাজ্যত খালী থকা ৪৫খনতকৈও অধিক বিধানসভাৰ আসনত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব ।

উল্লেখ্য যে, চলিত বৰ্ষত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত অসমৰ পাঁচগৰাকী বিধায়কে সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত খালী হৈ পৰিছিল তেওঁলোকে প্ৰতিনিধিত্ব কৰা সমষ্টিৰ আসনকেইখন ৷ এই সমষ্টিকেইটা আৰু বিধায়ককেইগৰাকী হৈছে ক্ৰমে, চামগুৰি (কংগ্ৰেছৰ ৰকিবুল হুছেইন), বিহালী (বিজেপিৰ ৰঞ্জিত দত্ত), ধলাই (বিজেপিৰ পৰিমল শুক্লবৈদ্য), বঙাইগাঁও(অগপৰ ফণীভূষণ চৌধুৰী) আৰু চিদলী (ইউপিপিএলৰ জয়ন্ত বসুমতাৰী) ৷ আজিৰ এই সংবাদমেলতে নিৰ্বাচন আয়োগে দেশৰ আন আন ৰাজ্যসমূহৰ লগতে অসমকে(Assam By Election) ধৰি ৪৫খনতকৈও অধিক বিধানসভা আসনৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰাৰো সম্ভাৱনা আছে ৷

ইয়াৰ উপৰিও কেৰালাৰ ৱায়ানাদ আৰু পশ্চিম বংগৰ বাছিৰহাটৰ লোকসভা আসন দুখনৰ বাবেও উপ-নিৰ্বাচনো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। ৰাহুল গান্ধীৰ পদত্যাগৰ পিছত ৱায়ানাদৰ আসনখন খালী হৈ পৰাৰ বিপৰীতে তৃণমূলৰ সাংসদ শ্বেইখ নূৰুল ইছলামৰ মৃত্যুৰ বাবে বাছিৰহাটৰ উপ-নিৰ্বাচনৰ দিন ধাৰ্য কৰা হৈছে । নিৰ্বাচন আয়োগে এইবাৰ ঝাৰখণ্ডত কম পৰ্যায়ৰ মাজতে ভোটগ্ৰহণৰ আয়োজন কৰিব পাৰে।

নিৰ্বাচনৰ দিন ঘোষণাক লৈ বিজেপিৰ প্ৰতিক্ৰিয়া

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰীয়ে কয়, ‘মহাৰাষ্ট্ৰ( Maharashtra elections) আৰু ঝাৰখণ্ডৰ বিধানসভাৰ নিৰ্বাচনৰ(Jharkhand elections) বাবে বিজেপি আৰু এনডিএ সম্পূৰ্ণৰূপে সাজু হৈছে। আমি নিশ্চিত যে হাৰিয়ানাৰ দৰে মহাৰাষ্ট্ৰৰ জনসাধাৰণেও বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰ গঠনৰ বাবে ভোটদান কৰিব। হেমন্ত সোৰেনৰ ভোটবেংক আৰু দুৰ্নীতিপৰায়ণ ৰাজনীতিত হতাশ হোৱা ঝাৰখণ্ডৰ ৰাইজে বিজেপি নেতৃত্বাধীন উন্নয়ন সমৰ্থক, জনজাতি সমৰ্থক এখন চৰকাৰক ভোট দিবলৈ আগ্ৰহী। আমি নিশ্চিত যে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত দুয়োখন ৰাজ্যতে বিজেপিয়ে চৰকাৰ গঠন কৰিব ।

Related Articles