মহাৰাষ্ট্ৰত অঘটনঃ থানাৰ ভিতৰতে বিজেপি বিধায়কৰ গুলীত ধৰাশায়ী সহযোগী শিৱসেনাৰ নেতা…

মহাৰাষ্ট্ৰত অঘটনঃ থানাৰ ভিতৰতে বিজেপি বিধায়কৰ গুলীত ধৰাশায়ী সহযোগী শিৱসেনাৰ নেতা
মহাৰাষ্ট্ৰত অঘটন। ৰাজ্য খনৰ এখন থানাৰ ভিতৰতে ঘটিল গুলীচালনাৰ ঘটনা। বিজেপি বিধায়ক গণপত গায়কোৱাডৰ বিৰুদ্ধে সহযোগী শিৱসেনাৰ নেতা মহেশ গায়কোৱাডক গুলী চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাটোত মহেশ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। তেওঁ বৰ্তমান চিকিৎসালয়ত জীৱন-মৃত্যুৰ সৈতে যুঁজি আছে।ঘটনাটো শুক্ৰবাৰে নিশা উলহাচনগৰৰ হিল লাইন আৰক্ষী চকীত সংঘটিত হয় ।

ছিন্দে শিবিৰৰ নেতা মহেশ আৰু বিজেপি বিধায়ক গণপতে সমৰ্থকৰ সৈতে ভূমি বিবাদ সন্দৰ্ভত অভিযোগ দাখিল কৰিবলৈ আৰক্ষী থানালৈ গৈছিল। তাত মহেশষ আৰু গণপতৰ মাজত তৰ্ক আৰম্ভ হৈছিল। ইয়াৰ পিছতে বিধায়ক গণপতে মহেশৰ ওপৰত চাৰি ৰাউণ্ড গুলীচালনা কৰে। ঘটনাটোত শিৱসেনাৰ বিধায়ক ৰাহুল পাটিলো আঘাতপ্ৰাপ্ত হয় । দুয়োজন বৰ্তমান থানে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। গণপত গায়কোৱাডক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে তেওঁৰ পিষ্টলটোও জব্দ কৰিছে ।

আৰক্ষীয়ে জনোৱা অনুসৰি গণপতক প্ৰথমে উলহাচনগৰৰ মীৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। অৱশ্যে, তেওঁৰ অৱস্থাৰ অৱনতি হোৱাৰ পিছত তেওঁক নিশা প্ৰায় ১১ বজাত থানেৰ জুপিটাৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়। ঘটনাটোৱে ইতিমধ্যে ক্ষোভৰ সৃষ্টি কৰিছে। ঘটনাৰ খবৰ পোৱাৰ পিছতে শিৱসেনাৰ কৰ্মী আৰু সমৰ্থকসকল চিকিৎসালয়ৰ বাহিৰত সমবেত হয়। একনাথ ছিন্দে শিবিৰৰ মুখপাত্ৰ আনন্দ দুবেই কয়, “এতিয়া আৰক্ষী থানাৰ ভিতৰতো গুলীবৰ্ষণৰ ঘটনা ঘটিছে। কল্পনা কৰক মহাৰাষ্ট্ৰত কেনে জংঘলৰাজ আৰম্ভ হৈছে। “অৱশ্যে গণপতে নিজৰ ভুল স্বীকাৰ কৰিছে। তেওঁ কৈছে যে তেওঁ আদালতৰ নিৰ্দেশ গ্ৰহণ কৰিব।

Related Articles