Breaking

মোদীৰ ইটালী ভ্ৰমণৰ পূৰ্বে খালিস্তান সমৰ্থকে ভাঙি পেলালে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি, প্ৰতিক্ৰিয়া ব্যক্ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ…

0 10

বুধবাৰে ইটালীৰ বৃন্দিছি চহৰত খালিস্তানী সমৰ্থক উগ্ৰপন্থীয়ে ভাঙি লণ্ডভণ্ড কৰে ভাৰতীয় স্বাধীনতা আন্দোলনৰ নেতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি। জাতিৰ পিতাৰ মূৰ্তি ভঙাকলৈ প্ৰতিক্ৰিয়া হৈছে। জি-৭ সন্মিলনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালী ভ্ৰমণ কৰাৰ এদিন পূৰ্বে সংঘটিত হয় এই ঘটনা।

ইটালিত খালিস্তানী বিচ্ছিন্নতাবাদীয়ে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱাৰ বিষয়টোত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। “আমি খবৰ সমূহ চাই ইটালী কৰ্তৃপক্ষৰসৈতে কথা পাতিছো। মূৰ্তিটো ভাঙি পেলোৱাৰ প্ৰচেষ্টা, অৱশ্যেই দুখজনক।”, বৈদেশিক সচিব বিনয় কোৱাট্ৰাই কয়- এইক্ষেত্ৰত সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

Leave A Reply