Breaking

মহাবীৰ লাচিত সেনা অসমৰ বানপিড়ীত ৰাইজক সাহাৰ্য্য বিতৰণ…

0 69

সোমবাৰে মৰিগাঁও জিলাৰ মায়ং ৰাজহ চক্ৰৰ অন্তৰ্গত মনহা মৌজাৰ, পানীগাঁও অঞ্চলত মহাবীৰ লাচিত সেনা অসমৰ উদ্যোগত গুৱাহাটী মহানগৰ সমিতিৰ সহযোগত বানপিড়ীত ৰাইজক এলানি সাহাৰ্য্য বিতৰণ কাৰ্যসূচী আৰম্ভ কৰে। অসমৰ বিভিন্ন জিলাত বানপিড়ীত ৰাইজক খাদ্য কাপোৰ আৰু যাৱতীয় বয়বস্তু প্ৰদানৰ কাৰ্যসূচী হাতত লোৱা সংগঠনটোৰ সভাপতি নবকুমাৰ বৰাই কয় যে অসমৰ বানপানী সমস্যাটো যেতিয়ালৈ ৰাষ্ট্ৰীয় সমস্যা হিচাপে গন্য কৰা নহয় তেতিয়ালৈকে বানপানীৰ সমস্যা অসমত সমাধান নহয়।

প্রতি বছৰে কোটি কোটি টকা খৰচ কৰি মথাউৰি নিৰ্মাণৰ নামত অসম চৰকাৰে জনসাধাৰণক যিদৰে আভুৱা ভাৰিছে তাক আমি একেষাৰে ধিকাৰ জনাইছোঁ। প্রতিবছৰে অসমৰ অধিকাংশ জিলাত বানৰ কৱলত ককবকাই থকা ৰাইজক উদ্ধাৰৰ বাবে ‘চোৰ গলে বুদ্ধি বৰষুণ গলে জাপি’ সদৃশ অসম চৰকাৰৰ ভূমিকাক আমি সাধাৰণ জনতাই গৰিহনা দিছোঁ। কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে অসমৰ বানপানী সমস্যাটো স্থায়ী সমাধানৰ ক্ষেত্রত পদক্ষেপ লবলৈ আমি মহাবীৰ লাচিত সেনা অসমে এই মঞ্চৰ পৰাই দাবী জনালোঁ”। কেন্দ্রীয় সমিতিৰ কেইবাজনো বিষয়-ববীয়াৰ উপস্থিতিত প্রায় ২০০ (দুশ) পৰিয়ালক খাদ্য সামগ্রী বিতৰণ কৰিছে বুলি এক বাৰ্তাৰ যোগেদি জানিবলৈ দিছে।

Leave A Reply

Your email address will not be published.