হেপি বাৰ্থডে কেপ্তেইন চাহেবঃ ছলমান খানৰ সৈতে জন্মদিন উদযাপন মহেন্দ্ৰ সিং ধোনীৰ…

শনিবাৰে নিশা মুম্বাইত জন্মদিন পালন কৰে কিংবদন্তি ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীয়ে। ধোনিৰ জন্মদিনত ছলমান খানও উপস্থিত থাকে। ধোনিৰ সৈতে এখন ছবি শ্বেয়াৰ কৰাৰ সময়তে ছলমান খানে তেওঁক বিশেষ ধৰণে অভিনন্দন জনাইছে। ইয়াৰউপৰিও লাখ লাখ অনুৰাগীয়ে তেওঁক জন্মদিনৰ শুভেচ্ছা জনাইছে। ইফালে বলীউডৰ ‘ভাইজান’ ছলমান খানে এম এছ ধোনিৰ সৈতে এখন ছবি শ্বেয়াৰ কৰি হেপী বাৰ্থডে কেপ্তেইন চাহেব বুলি লিখিলে।

ধোনীয়ে কেক কাটি থকা এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত ধোনিৰ পত্নী আৰু ছলমান খানক দেখা যায়।ধোনীয়ে কেকটো কাটি প্ৰথমে পত্নী সাক্ষীক খুৱাই দিয়ে। তাৰ পিছত ইয়াৰ পিছত ধোনীয়ে নিজৰ হাতেৰে ছলমান খানক জন্মদিনৰ কেক খুৱাই দিয়ে। ধোনী আৰু ছলমানৰ এই ভাইৰেল ভিডিঅ’টোত অনুৰাগীয়ে বহু মন্তব্য প্ৰকাশ কৰিছে।

Related Articles