Breaking

অহা বছৰ আই পি এল খেলিব নে মহেন্দ্ৰ সিং ধোনীয়ে, চেন্নাই ছুপাৰ কিংছ আশাবাদী…

0 46

অহা বছৰ আই পি এল খেলিব নে মহেন্দ্ৰ সিং ধোনীয়ে। চেন্নাই ছুপাৰ কিংছৰ মুখ্য কাৰ্যবাহী বিষয়া কাশী বিশ্বনাথনে অহা বছৰ আই পি এলত ধোনী খেলৰ বাবে আশাবাদী। চি এছ কেৰ ইউটিউব চেনেলত দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় যে ধোনিৰ ভৱিষ্যত মই নাজানো। খেলিব নে নাই, এই প্ৰশ্নৰ উত্তৰ তেওঁ নিজেই দিব পাৰে। আমি তেওঁৰ সিদ্ধান্তক সদায় সন্মান জনাই আহিছো। ধোনিয়ে সদায় সময়মতে সিদ্ধান্ত দি আহিছে।

বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়াত চেন্নাই ছুপাৰ কিংছে প্ৰকাশ কৰা ভিডিঅ’টোত ধোনীয়ে কয়, ‘জীৱনত ভয় আৰু মানসিক চাপ থকাটো অতি প্ৰয়োজনীয়। মোৰ অন্তৰত যদি ভয় নাথাকে, মই কেতিয়াও সাহসী হ’ব নোৱাৰো। ভয়ৰ এই চাপ থকাটো গুৰুত্বপূৰ্ণ বুলি মোৰ বিশ্বাস। সেয়া সঠিক সিদ্ধান্ত লৈহে সম্ভৱ।

আঁঠুৰ অস্ত্ৰোপচাৰৰ অন্তত খেলপথাৰলৈ উভতি অহাৰ পাছত বৰ্তমানৰ আই পি এলত ৭৩টা বলত ১৬১ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ধোনীয়ে।

Leave A Reply

Your email address will not be published.