আঘোণ মাহৰ পূৰ্ণিমা তিথিৰ দিনা অসমীয়া লোক সংস্কৃতিৰ পৰম্পৰা ৰক্ষা কৰি পালন কৰা হয় মহোহো বা মহ খেদা উৎসৱ ৷ আজি বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী বড়িমুখত কলিতা জনগোষ্ঠী সন্মিলন,অসমে কেন্দ্ৰীয়ভাৱে মহোহো উৎসৱ পালন কৰে ৷ কলিতা জনগোষ্ঠীৰ সন্মিলনৰ মুছলপুৰ জিলা সমিতিৰ সহযোগত আৰু বড়িমুখ আঞ্চলিক সমিতিৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে আয়োজিত এই মহোহো উৎসৱৰ পুৱা বন্তি প্ৰজ্জ্বলনেৰে শুভাৰম্ভ কৰা হয় ৷ ইয়াৰ পিচতে পতাকা উত্তোলন, স্মৃতি তৰ্পণ, তোৰণ উন্মোচন, বৃক্ষ ৰোপণ, চিত্ৰাংকণ আৰু কুইজ প্ৰতিযোগিতাৰ পিচত আবেলি মুকলি সভা অনুষ্ঠিত হয় ৷ হৰেন্দ্ৰ নাথ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত কলিতা জনগোষ্ঠী সন্মিলন, অসমৰ মুখ্য উপদেষ্টা ড° সনেশ্বৰ কলিতা, উপদেষ্টা অৰবিন্দ কলিতা, সভাপতি ৰমণীকান্ত চহৰীয়া, সাধাৰণ সম্পাদক দেৱ কুমাৰ ডেকা, কলিতা উন্নয়ণ পৰিষদৰ অধ্যক্ষ ডাঃ ৰাজেন্দ্ৰ নাথ কলিতা, উপাধ্যক্ষ মিহিৰ তালুকদাৰ, লোক শিল্পী বসন্ত পাটগিৰী, বাক্সা জিলা কেওট জাতীয় পৰিষদৰ সভাপতি কুশল কুমাৰ হালৈ, মুছলপুৰ জিলা সুত্ৰধৰ সন্মিলনৰ সভাপতি তনুৰাম সুত্ৰধৰ, বাক্সা জিলা কোঁচ-ৰাজবংশী সন্মিলনৰ সভাপতি অজিত দাস, শিক্ষাবিদ সুৰেন্দ্ৰ নাথ বাৰ্মাকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ মুকলি সভাত ভাষণ প্ৰদান কৰা বক্তাসকলে মহোহো উৎসৱৰ উদ্দেশ্য আৰু তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে ৰাজ্যখনত বসবাস কৰা কলিতা জনগোষ্ঠীৰ লোক সকলক জনজাতিকৰণৰ দাবী জনায় ৷ লগতে বিটিআৰত বসবাস কৰা কলিতা সকলক সমমৰ্যাদা, সমঅধিকাৰ প্ৰদান কৰিবলৈ বিটিচি কৰ্তৃপক্ষক দাবী জনায় ৷ সন্ধিয়াৰ ভাগত প্ৰতিযোগীসকলৰ মাজত মহোহো প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷