নীটৰ পেপাৰ লিক কাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ! ৰবীন্দ্ৰ ওৰফে অমন সিং ক গ্ৰেপ্তাৰ…

ঝাৰখণ্ডৰ ধনবাদত নীট পৰীক্ষাৰ পেপাৰ লিক সম্পৰ্কীয় গোচৰত চি বি আইয়ে গ্ৰহণ কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ ব্যৱস্থা । সূত্ৰ অনুসৰি, চিবিআইৰ দলটোৱে নীট-ইউ জি পেপাৰ লিক গোচৰত ৰবীন্দ্ৰ ওৰফে অমন সিং নামৰ এগৰাকী লোকক গ্ৰেপ্তাৰ কৰে। অমন সিং এই কাণ্ডৰ মূল অভিযুক্ত আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে৷ দেওঘৰ আৰু হাজাৰীবাগৰ পিছত নীট পেপাৰ কেলেংকাৰীৰ যোগসূত্ৰ ধনবাদৰ সৈতে থকা বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছিল৷ এই তথ্যৰ ভিত্তিতে চিবিআয়ে ধনবাদত অভিযান চলায়। নতুন দিল্লীৰ পৰা অহা চি বি আইৰ দলটোৱে ধনবাদৰ হাউচিং কলনিৰ বাসিন্দা ৰবীন্দ্ৰ ওৰফে অমনক তথ্যৰ ভিত্তিত এটা এপাৰ্টমেণ্টৰ পৰা গ্ৰেপ্তাৰ কৰে।

অমনক বৰ্তমান চি বি আয়ে সোধা-পোছা কৰি আছে ।আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, ঝাৰখণ্ডৰ নীট পেপাৰ লিক সম্পৰ্কীয় গোচৰত বহুতো তথ্য উন্মোচন হৈছে। আৰক্ষীয়ে বিহাৰৰ দেওঘৰত তালাচী চলাই এই পৰীক্ষাৰ বহুসংখ্যক প্ৰশ্নকাকত উদ্ধাৰ কৰে৷পৰৱৰ্তী সময়ত হাজৰিবাগৰ মৰুদ্যান বিদ্যালয় কেন্দ্ৰতো পোৱা গৈছিল এই পৰীক্ষাৰ প্ৰশ্নকাকত।যাৰ পিচত চি বি আইৰ দলটোৱে হাজাৰিবাগত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বিদ্যালয়খনৰ অধ্যক্ষক সোধা-পোছা অব্যাহত ৰাখিছিল৷ এই গোচৰটোত এতিয়ালৈকে চিবিআয়ে মুঠ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে।বৰ্তমানলৈকে চি বি আয়ে নীট পেপাৰ লিক গোচৰত ঝাৰখণ্ডৰ পৰা মুঠ ৪ জন লোকক গ্ৰেপ্তাৰ কৰে। য’ত হাজৰিবাগৰ জামালুদ্দিন, মৰুদ্যান বিদ্যালয়ৰ অধ্যক্ষ আৰু উপাধ্যক্ষও আছে। ইয়াৰোপৰি, অমন সিঙকো ধনবাদৰ পৰা গ্ৰেপ্তাৰ কৰে চি বি আয়ে।

Related Articles