Breaking

Mainao Brahma Detained by Assam Police for Multi-Crore Online Trading Scam: ট্ৰেডিং কেলেংকাৰিত অভিযুক্ত মাইনাও ব্ৰহ্মক মাৰাথান জেৰা আৰক্ষীৰ

33

বৰঝাৰ বিমান বন্দৰৰ পৰা আটক মাইনাও ব্ৰহ্মক। দীৰ্ঘদিন ধৰি দিল্লীত আত্মগোপন কৰি আছিল মাইনাও ব্ৰহ্ম।(Mainao Brahma Detained by Assam Police for Multi-Crore Online Trading Scam)

আৰক্ষীৰ জালত ট্ৰেডিং কেলেংকাৰিত অভিযুক্ত মাইনাও ব্ৰহ্ম। বৰঝাৰ বিমান বন্দৰৰ পৰা আটক কৰে মাইনাও ব্ৰহ্মক। দীৰ্ঘদিন ধৰি দিল্লীত আত্মগোপন কৰি আছিল মাইনাও ব্ৰহ্ম।(Mainao Brahma Detained by Assam Police for Multi-Crore Online Trading Scam)

দিল্লীৰ পৰা নিশা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমান যোগে বৰঝাৰ বন্দৰত উপস্থিত হোৱাৰ পিছত বৰঝাৰ আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ সন্দিকৈৰ সহযোগত বাক্সা আৰক্ষীয়ে আটক কৰে মাইনাও ব্ৰহ্মক। পৰৱৰ্তী সময়ত মহিলাগৰাকীক বৰ্তমান মহিলা আৰক্ষীৰ তত্বাৱধানত বৰঝাৰ বিমানবন্দৰত ৰাখে। ৰাতিপুৱা বিমানবন্দৰৰ পৰা বাক্সা আৰক্ষীয়ে বাক্সা আৰক্ষী থানলৈ লয় যায় মইনাও ব্ৰহ্মক।(Online trading scam)

লগতে পঢ়কঃ sumi borah Cries: পুনৰ কেমেৰাৰ সন্মুখত কান্দিলে চুমি বৰাই

পাণ দোকানী মাইনাও আছিল বিশাল সম্পত্তিৰ অধিকাৰী। ট্ৰেডিঙৰ জৰিয়তে কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছিল মাইনাও ব্ৰহ্মৰ বিৰুদ্ধে।
অবৈধ মানী ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনাৰে কোটি কোটি টকা আত্মসাৎ কৰাৰ তালিকাত আছিল বাক্সাৰ মাইনাও ব্ৰহ্ম মহিলাগৰাকী নাম। কোটি কোটি টকা আত্মসাৎ কৰি সম্পত্তিৰ পাহাৰ গঢ়িছে মহিলাগৰাকীয়ে। পান দোকানীৰ পৰা কোটিপতি হৈছিল মাইনাও।

মুছলপুৰ পশ্চিম বাংনাবাৰীৰ সমীন স্বৰ্গীয়াৰীৰ পত্নী মাইনাও ব্ৰহ্মই বিগত আঠ বছৰত আঠ হাজাৰৰো অধিক লোকক জমা ধন চাৰিগুণ কৰাৰ প্ৰলোভন দি ধন সংগ্ৰহ কৰি আহিছিল ৷(police detained mainao brahma)

Comments are closed.