Breaking

Major Infra Projects Launched: টুটিকোৰিন আন্তঃৰাষ্ট্ৰীয় টাৰ্মিনেল দেশৰ বাবে উচৰ্গা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

18

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে ভি অ’ চিদাম্বৰনাৰ বন্দৰত টুটিকোৰিন আন্তঃৰাষ্ট্ৰীয় কণ্টেইনাৰ টাৰ্মিনেল (টি আই চি টি) দেশবাসীৰ বাবে উৎসৰ্গা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মূল আন্তঃগাঁথনি প্ৰকল্পও উদ্বোধন কৰাৰ লগতে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে(Major Infra Projects Launched)।

দৈনন্দিন বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Union Minister Sarbananda Sonowal) মঙলবাৰে ভি অ’ চিদাম্বৰনাৰ বন্দৰত টুটিকোৰিন আন্তঃৰাষ্ট্ৰীয় কণ্টেইনাৰ টাৰ্মিনেল (টি আই চি টি) দেশবাসীৰ বাবে উৎসৰ্গা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মূল আন্তঃগাঁথনি প্ৰকল্পও উদ্বোধন কৰাৰ লগতে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে(Major Infra Projects Launched)।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে(Prime minister Narendra Modi) ভিডিঅ’ বাৰ্তাৰ জৰিয়তে টুটিকোৰিন আন্তঃৰাষ্ট্ৰীয় কণ্টেইনাৰ টাৰ্মিনেলৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰে । এই উপলক্ষে ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ভাৰত উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে । তেওঁ নতুন টুটিকোৰিন আন্তঃৰাষ্ট্ৰীয় কণ্টেইনাৰ টাৰ্মিনেলক ‘ভাৰতৰ সামুদ্ৰিক আন্তঃগাঁথনিৰ নতুন তাৰকা’ বুলিও প্ৰশংসা কৰে। ভি অ’ চিদাম্বৰনাৰ বন্দৰৰ ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত এই টাৰ্মিনেলে সহায় কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে কয় ।

টুটিকোৰিন আন্তঃৰাষ্ট্ৰীয় টাৰ্মিনেল দেশৰ বাবে উচৰ্গা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
টুটিকোৰিন আন্তঃৰাষ্ট্ৰীয় টাৰ্মিনেল দেশৰ বাবে উচৰ্গা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

প্ৰধানমন্ত্ৰীয়ে কয়, “১৪ মিটাৰতকৈ অধিক গভীৰ আৰু ৩০০ মিটাৰতকৈ অধিক দীঘল বাৰ্থৰ সৈতে এই টাৰ্মিনেলটোৱে বন্দৰৰ ক্ষমতা বৃদ্ধি কৰিব।” লগতে এই নতুন টাৰ্মিনেলৰ জৰিয়তে বন্দৰটোত লজিষ্টিক খৰচ হ্ৰাস পোৱাৰ লগতে ভাৰতৰ বাবে বৈদেশিক মুদ্ৰা ৰাহি হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । তেওঁ তামিলনাডুবাসীক অভিনন্দন জনোৱাৰ লগতে ভি অ’ চিদাম্বৰনাৰ বন্দৰটো দুবছৰ পূৰ্বে তেওঁৰ ভ্ৰমণৰ সময়ত আৰম্ভ কৰা বন্দৰ বুলি উল্লেখ কৰে । বন্দৰটোৰ কাম দ্ৰুতগতিত সম্পূৰ্ণ হোৱাত তেওঁ সন্তুষ্টি প্ৰকাশ কৰি তেওঁ লগতে কয় যে, টাৰ্মিনেলটোৰ অন্যতম মূল কৃতিত্ব হৈছে লিংগ বৈচিত্ৰ্যৰ প্ৰতি ইয়াৰ দায়বদ্ধতা আৰু ইয়াৰ ৪০% কৰ্মচাৰী মহিলা, যিয়ে সামুদ্ৰিক খণ্ডত মহিলা নেতৃত্বাধীন উন্নয়নৰ প্ৰতীক হিচাবে পৰিগণিত হৈছে।

সৰ্বানন্দ সোণোৱালে নতুন টিআইচিটি টাৰ্মিনেলৰ পৰা প্ৰথম কণ্টেইনাৰ জাহাজখনৰো ফ্লেগ অফ কৰি দেশৰ অন্যতম উল্লেখযোগ্য বন্দৰ আন্তঃগাঁথনি প্ৰকল্পৰ কাম আৰম্ভ কৰে । ৪৩৪ কোটিতকৈ অধিক ধন বিনিয়োগেৰে এই বন্দৰটো বিকশিত কৰা হৈছে। বন্দৰটোৰ বছৰি ৬ লাখ টি ই ইউ চম্ভালিব পৰাৰ ক্ষমতা আছে। টাৰ্মিনেলটোৰ গভীৰতা ১৪.২০ মিটাৰ, যিয়ে ইয়াত ১০,০০০ টিইইউ পৰ্যন্ত কণ্টেইনাৰ জাহাজ ৰখাৰ সুবিধা প্ৰদান কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নতুনকৈ নিৰ্মিত সেউজ হাইড্ৰজেন প্ৰকল্পটোও উদ্বোধন কৰে, যাক তেওঁ ‘ভাৰতক গ্ৰীণ হাইড্ৰজেনৰ বিশ্বব্যাপী কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰাৰ দিশত এক বৃহৎ পদক্ষেপ’ বুলি অভিহিত কৰে। সৰ্বানন্দ সোণোৱালে ‘হৰিত সাগৰ সেউজ বন্দৰ পদক্ষেপ’ৰ অংশ হিচাপে ৪০০ কিলোৱাট শক্তিৰ ছাদত সৌৰশক্তি কেন্দ্ৰও উদ্বোধন কৰে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভি অ’ চিদাম্বৰনাৰ বন্দৰে নিজৰ ঔদ্যোগিক পৰিৱেশ সম্প্ৰসাৰণ কৰাৰ লগে লগে নতুন উদ্যোগৰ বাবে বিশাল সম্ভাৱনা মুকলি কৰিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভাষণত আন্তঃগাঁথনি উন্নয়নৰ বাহিৰেও বিস্তৃত ভাৰতৰ বহল সামুদ্ৰিক অভিযানৰ বিষয়ে কয় ।ভি অ’ চিদাম্বৰনাৰ .বন্দৰক গ্ৰীণ হাইড্ৰজেন হাব আৰু সাগৰৰ পাৰৰ বায়ু শক্তিৰ বাবে ন’ডেল বন্দৰ হিচাপে স্বীকৃতি দিয়া হৈছে বুলিও তেওঁ কয় । জলবায়ু পৰিৱৰ্তনৰ বিশ্বব্যাপী প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাত এই পদক্ষেপসমূহে উল্লেখযোগ্য ভূমিকা পালন কৰিব বুলি প্ৰধামন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।

এই উপলক্ষে ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, ‘ভাৰত বিশ্বৰ শীৰ্ষ সাগৰীয় শক্তি হোৱাৰ দৌৰত আগবাঢ়ি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত সামুদ্ৰিক খণ্ডই দক্ষতা আৰু উৎপাদনশীলতাক আগুৱাই নিয়াৰ উদ্দেশ্যে আমাৰ সম্পত্তিসমূহৰ আধুনিকীকৰণ, যান্ত্ৰিকীকৰণ আৰু ডিজিটেলাইজেচনৰ ব্যৱস্থা কৰা হৈছে। সোমবাৰে গ্ৰহণ কৰা এই পদক্ষেপে আন এক গতি প্ৰদান কৰিলে বুলিও তেওঁ কয় । এই পদক্ষেপে বাণিজ্যিক সম্প্ৰদায়ৰ বাবে মসৃণ আৰু দ্ৰুত সেৱা প্ৰদানৰ দিশত গতি প্ৰদান কৰি এক্সিম বাণিজ্যৰ বৃদ্ধিত নেতৃত্ব দিব বুলিও তেওঁ কয়। বন্দৰটোৱে ভাৰতৰ সম্পদ বৃদ্ধিত অৰিহণা যোগাব বুলিও তেওঁ মন্তব্য কৰে।

এই নতুন টাৰ্মিনেলটোৱে প্ৰতিটো কণ্টেইনাৰত ২০০ মাৰ্কিন ডলাৰ পৰ্যন্ত ৰাহি কৰি সময় ৰাহি কৰা, ট্ৰেন্সশ্বিপমেণ্ট বাইপাছৰ সুবিধা প্ৰদান কৰিব। ইয়াৰ ফলত আমাৰ পৰিচালনাৰ খৰচ বছৰি ৪০ লাখ মাৰ্কিন ডলাৰ পৰ্যন্ত উন্নত হ’ব বুলিও তেওঁ কয়। নিৰ্ধাৰিত সময়ৰ আগতেই সম্পূৰ্ণ হোৱা এই টাৰ্মিনেলটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ প্ৰথম ১০০ দিনত এক বিশেষ কৃতিত্ব বুলিও তেওঁ অভিহিত কৰে।

সোণোৱালে কয়- আমাৰ বন্দৰসমূহৰ মেৰুদণ্ড হিচাপে পৰিগণিত হোৱা আমাৰ কৰ্মশক্তি অতি কঠোৰ পৰিশ্ৰমী আৰু তেওঁলোকৰ কামৰ বাবে মই তেওঁলোকক প্ৰশংসা কৰিব বিচাৰিছো। এই বন্দৰটোৱে যে কৰ্মসংস্থাপন সৃষ্টিৰ ক্ষেত্ৰত সহায়ক হৈছে, সেই কথা জানি আনন্দদায়ক । নাৰী শক্তিৰ শক্তিক স্বীকৃতি দিবলৈ হ’লে কমেও ৪০% কৰ্মশক্তি মহিলা হ’ব লাগে যিয়ে সৰ্বাংগীন বৃদ্ধিৰ দিশত যথেষ্ট অৰিহণা যোগাব।

Comments are closed.