Majuli । জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ মাজুলীৰ

মাজুলী, ৯ নৱেম্বৰ : সমগ্ৰ অসমৰ লগতে মাজুলীতো অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাত সপ্তাহজুৰি ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হৈছে (Majuli) । জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসমৰ মাজুলী জিলা সমিতিৰ উদ্যোগত এই সপ্তাহ জোৰা কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান‌ অংশ হিচাবে আজি মাজুলীৰ‌ ৰাজগুৰুবাৰী প্ৰাথমিক বিদ্যালয়ত জিলা সভাপতি ৰমেশ চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত ভাষা গৌৰৱ সপ্তাহৰ সামৰণি অনুষ্ঠান সম্পন্ন হয়। মাজুলী জিলা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চৰ সম্পাদক শংকুসিদ্ধ নাথে আঁত ধৰি উদ্দেশ্য ব্যাখ্যা কৰা সভাখন উদ্বোধন কৰে মাজুলী জিলা যুৱ -ছাত্ৰ পৰিষদৰ সভাপতি মুনিন্দ্ৰ ভূঞাই ।

জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ মাজুলীৰ

মাজুলী জিলা সাংবাদিক সন্থাৰ সম্পাদক ডিম্বেশ্বৰ দত্তই নিৰ্দিষ্ট বক্তা‌ হিচাবে অংশগ্ৰহণ কৰি বক্তৃতা আগবঢ়ায়। তেওঁ অসমীয়া ভাষা-সাহিত্যৰ ক্ৰমবিকাশ আৰু ভৱিষ্যত সন্দৰ্ভত বিস্তৃতভাৱে আলোকপাত কৰে। ৰাজগুৰুবাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সমৱেত সংগীতেৰে আৰম্ভ হোৱা সভাখনত মাজুলী জিলা কবি সন্মিলনৰ সম্পাদক পাপু বৰা, কবি খগেন শইকীয়াৰ স্বৰচিত কবিতা পাঠ, শিল্পী ৰুণমণি শইকীয়াৰ ৰাসৰ গীত, নিৰঞ্জন গগৈৰ ভূপেন্দ্ৰ সংগীত, অনন্যা শইকীয়া, লয়শ্ৰী শইকীয়াৰ লোকগীত, নিৰ্মালি হাজৰিকাৰ নৃত্য, ভাগ্যশ্ৰী বৰুৱাৰ কবিতা আবৃত্তি, জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ মাজুলীৰ কাৰ্যকৰী সভাপতি অনন্ত ঙাটে, উপ-সভাপতি মুনিন টায়েৰ বক্তব্যই সভাখনক অনন্য মাত্ৰা প্ৰদান কৰে ।

অসম সাহিত্য সভাৰ প্ৰজাতীয় মৈত্ৰীবন্ধন উপ সমিতিৰ আহ্বায়ক মনোজ্যোতি ৰেগন বিশিষ্ট অতিথি হিচাপে, প্ৰধান শিক্ষক অমৃত দাস, শিক্ষক ক্ৰমে চেনামাই শইকীয়া, দীপক বৰা, প্ৰিয়ংকা ডেকা, উপস্থিত থকা সভাখনৰ সমজুৱা একাষাৰত স্থানীয় ব্যক্তি লীলাৰাম বৰা, হেমলতা শইকীয়া, ৰজত শইকীয়াই অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভৰ সমগ্ৰ প্ৰক্ৰিয়াটোত জড়িত সকলো ভাষাবিদ আৰু সাহিত্যকৰ্মীলৈ কৃতজ্ঞতা প্ৰকাশ কৰে। জিলা সম্পাদক শংকুসিদ্ধ নাথে শলাগৰ শৰাই আগবঢ়োৱাৰ পিছতে জাতীয় সংগীত পৰিৱেশনৰে সভাৰ সফল সমাপ্তি ঘটে।

Related Articles