মাজুলী উপনিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থী কোন?

মাজুলীৰ উপ-নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থী কোন হ’ব? ইয়াক লৈ এতিয়া সৰ্বত্তে চৰ্চা। ৰাইজৰ দলৰ এটা প্ৰতিনিধি দলে কিছুদিনৰ আগতে মাজুলী ভ্ৰমণ কৰিছিল। শেহতীয়া পৰিৱেশ-পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মাজুলীত কোনো প্ৰাৰ্থী প্ৰক্ষেপ নকৰে ৰাইজৰ দলে।বিৰোধী ঐক্যৰ প্ৰাৰ্থীকে সমৰ্থন কৰিব ৰাইজৰ দলে।

কংগ্ৰেছ, এ জে পি আৰু ৰাইজৰ দলৰ উমৈহতীয়া প্ৰাৰ্থী হ’ব চিত্ৰৰঞ্জন বসুমতাৰী। ৰাইজৰ দলৰ এক সুত্ৰই সদৰি কৰিছে এই কথা। আনুষ্ঠানিক ভাৱে সেই সিদ্ধান্ত ঘোষণা কৰিব ৰাইজৰ দলে।

Related Articles