উজনি-মাজুলী : চুবুৰীয়া জিলা লখিমপুৰৰ পৰা আহি মাজুলীত উপস্থিত হোৱা এগৰাকী অসহায়, নিৰাশ্ৰয় বয়োবৃদ্ধ লোকক বুধবাৰে লখিমপুৰ জিলা প্ৰশাসন তথা লখিমপুৰ জিলা সমাজ কল্যাণ বিভাগৰ সৈতে যোগাযোগ এক নিৰাপদ আশ্ৰয় উপলব্ধ কৰালে মাজুলী জিলা প্ৰশাসনে। লখিমপুৰ জিলাৰ ঘিলামৰা থানাৰ অন্তৰ্গত দীঘলী চৌখাম গাঁৱৰ প্ৰায় ৭২ বছৰ বয়সৰ লক্ষেশ্বৰ বৰা নামৰ বয়োবৃদ্ধ লোকজনক মাজুলীৰ সহকাৰী আয়ুক্ত হিমাদ্ৰী বৰাৰ বিশেষ উদ্যোগত লখিমপুৰৰ বঙালমৰাস্থিত এটা ‘জ্যেষ্ঠ নাগৰিক গৃহ’ত স্থায়ী আশ্ৰয় প্ৰদানৰ ব্যৱস্থা কৰা হয়। নিজৰ পুত্ৰ-কন্যা নথকাৰ লগতে আশ্ৰয়হীন হৈ পৰা বুলি প্ৰকাশ কৰা বয়োজ্যেষ্ঠ লোকজনে এই বয়সত আশ্ৰয়ৰ সন্ধানত ৩০ জুনত কেনেবাকৈ মাজুলীত উপস্থিত হৈছিলহি। এটা নিশা এখন সত্ৰত সত্ৰৰ ভকত-বৈষ্ণৱৰ সহযোগত অতিবাহিত কৰা বৰাই বুধবাৰে আগবেলা কোনো বৃদ্ধাৱাসত থকাৰ সুবিধা প্ৰদানৰ আৰ্জিৰে মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হয়। অসহায়, নিৰাশ্ৰয় বয়োবৃদ্ধ লোকজনৰ অৱস্থাৰ কথা জানিব পাৰি সহকাৰী আয়ুক্ত হিমাদ্ৰী বৰাই সমগ্ৰ বিষয়টো মানৱীয় দৃষ্টিকোণেৰে গ্ৰহণ কৰি লগে লগে মাজুলীৰ উপায়ুক্তৰ দিহা লৈ লখিমপুৰ জিলা প্ৰশাসনৰ সৈতে যোগাযোগ কৰে। সহকাৰী আয়ুক্ত গৰাকীয়ে লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত লখিমপুৰৰ জিলা সমাজ কল্যাণ বিষয়াৰ সৈতে যোগাযোগ কৰি বয়োবৃদ্ধ লোকজনক আজিৰে পৰাই লখিমপুৰ জিলাৰ বঙালমৰাস্থিত ‘জ্যেষ্ঠ নাগৰিক গৃহ’ত স্থায়ী আশ্ৰয় প্ৰদানৰ ব্যৱস্থা কৰে। ইয়াৰ পাছতে বিয়লি লক্ষেশ্বৰ বৰাক মাজুলী জিলা প্ৰশাসনৰ ফালৰ পৰা এখন গাড়ীৰে সমাজ কল্যাণ বিভাগৰ তত্বাৱধানত পৰিচালিত বঙালমৰাৰ জ্যেষ্ঠ নাগৰিক আৱাস গৃহটিত থৈ অহাৰো সম্পূৰ্ণ ব্যৱস্থা কৰে সহকাৰী আয়ুক্ত গৰাকীয়ে।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- NASA Asteroid Alert: পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব দুখন ক্ৰিকেট খেলপথাৰৰ আকৃতিৰ গ্ৰহাণুৱে, সষ্টম নাছাৰ বিজ্ঞানী
- Gauhati Collegeউত্তৰ গুৱাহাটী মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ মইমতালি
- Aditi Rao-Siddharth Wedding: অদিতি ৰাও হায়দাৰী আৰু সিদ্ধাৰ্থৰ বিবাহ সম্পন্ন
- Online trading scam: বাক্সাৰ ১০০ কোটিটকীয়া ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড দীপাংকৰ ভট্টক মাৰাথন জেৰা
- Deepika padukone holds her daughter first photo viral:কন্যাক কোলাত লৈ প্ৰথমবাৰৰ বাবে কেমেৰা সন্মুখত দীপিকা পাডুকন
- How Often Should You Wash Your Hair With Shampoo:সপ্তাহত শ্বেম্পুৰে কেইবাৰ চুলি ধুব লাগে? জানি লওক
- Ganpati Ganesh idol controversy:গণেশ মূৰ্তিৰ সাজ-পোছাকক লৈ বিতৰ্ক! আধুনিকতাৰ নামত এয়া কি?
- 39th Chakradhar Samaroh: ছত্তিশগড়ৰ ‘চক্ৰধৰ সমাৰোহ’ত বিছমিল্লা খাঁ যুৱ বঁটা প্রাপক অসমৰ মৃদুস্মিতা দাস বৰাৰ সত্ৰীয়া নৃত্য প্রদর্শন
- BJP Involvement in Online Scam: অনলাইন কেলেংকাৰিত বিজেপিৰ কোনো জড়িত নাই, সেয়ে আমি তদন্তৰ ভাৰ চিবিআইক দিব পাৰিছোঃ মন্ত্ৰী হাজৰিকা
- Assam Direct Recruitment Examination: অসমত এডিআৰই নিযুক্তি পৰীক্ষা সুচাৰুৰূপে চলোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ প্ৰশংসা