Breaking

মাজুলী প্ৰসিদ্ধ শ্ৰীশ্ৰীগড়মূৰ সত্ৰৰ ক্ষতিগ্ৰস্ত ‘পীতাম্বৰদেৱ গোস্বামী স্মৃতি ভৱন’

0 1,412

অসমৰ ৰজাঘৰীয়া চাৰিসত্ৰৰ অন্যতম মাজুলীৰ শ্ৰীশ্ৰী গড়মূৰ সত্ৰৰ ৰজাদিনীয়া আপুৰুগীয়া সম্পদৰাজি সংৰক্ষণ কৰি ৰখা মাজুলীৰ প্ৰথমটো দুই মহলাযুক্ত “পীতাম্বৰদেৱ গোস্বামী স্মৃতি ভৱন“ৰ বেৰ ভাঙি পৰাত স্মৃতি ভৱনটোত সযতনে ৰখা সম্পদ সমূহৰ প্ৰতি ভাবুকি আহি পৰিছে ৷ ১৯৫৬ চনত স্থাপিত হোৱা আহোম ৰজা জয়ধ্বজ সিংহৰ পৃষ্ঠপোষকতাত প্ৰতিষ্ঠা হোৱা সত্ৰখনলৈ বহু আপুৰুগীয়া সম্পদ দান দিছিল ৷ সেই সমূহ সম্পদ মানৰ আক্ৰমণকে ধৰি নানান প্ৰাকৃতিক দুৰ্যোগৰ মুখামুখি হৈয়ো সত্ৰই এই আপুৰুগীয়া সম্পদ সযতনে ৰাখিছিল ৷ প্ৰৱাদ পুৰুষ সত্ৰাধিকাৰ , বিপ্লৱী ধৰ্মগুৰু শ্ৰীশ্ৰী পীতাম্বৰদেৱ গোস্বামীৰ পদৰেণুৰে ৰঞ্জিত সত্ৰখনত তেখেতৰ দূৰদৰ্শী চিন্তাৰ ফলত প্ৰায় ডেৰশ বছৰৰ পূৰ্বেই সত্ৰাধিকাৰ গৰাকীয়ে কাঠেৰে এটা দুই মহলা যুক্ত গৃহ নিৰ্মাণ কৰিছিল ৷ শতবৰ্ষ অতিক্ৰম কৰা গৃহটো অসম চৰকাৰৰ প্ৰত্নতাত্বিক বিভাগৰ অনুদানেৰে মেৰামতি সহ নৱীকৰণ কৰা হৈছিল আৰু উক্ত শতবৰ্ষ অতিক্ৰম কৰা গৃহটো “শ্ৰীশ্ৰীপীতাম্বৰদেৱ গোস্বামী স্মৃতি ভৱন”নামেৰে নামকৰণ কৰি ২০১২ বৰ্ষৰ ২৮ জানুৱাৰীত সেই সময়ৰ অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে উদ্ধোধন কৰিছিল ৷ প্ৰায় ন বছৰ হওঁতেই ঐতিহাসিক স্মৃতি ভৱনটোৰ সন্মুখ বেৰ খহি পৰাত সত্ৰখনত ভৱনটোত সংৰক্ষিত হৈ থকা আপুৰুগীয়া সম্পদখিনিক লৈ চিন্তিত হৈ পৰে ৷ ৫ আগষ্টৰ পূৱাৰ ভাগতে সংঘটিত এই অনাকাংক্ষিত ঘটনাটোত সত্ৰাধিকাৰ পৰমানন্দদেৱ গোস্বামী কিংকৰ্তব্যবিমূঢ় হৈ পৰে ৷ সম্পদ সমূহৰ সুৰক্ষাক লৈ চিন্তিত হৈ পৰা সত্ৰাধিকাৰ গৰাকীয়ে বৈষ্ণৱ সকলক গোটাই উন্মুক্ত হৈ পৰা গৃহৰ পৰা সম্পদ সমূহ অন্য এটা গৃহলৈ স্থানান্তৰ কৰে ৷ এই সম্পৰ্কে সত্ৰাধিকাৰ গৰাকীয়ে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনক অৱগত কৰি সম্পদ সমূহ সুৰক্ষাৰ বিষয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহবান জনায় ৷ ঘটনাৰ খবৰ পাই জিলা প্ৰশাসনৰ হৈ সদৰ মহকুমাধিপতি ধৃতিমান দাস সত্ৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ প্ৰশাসনৰ তৰফৰ পৰা সহায়ৰ হাত আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে ৷ ইফালে গৃহ নিৰ্মাণত হোৱা বিসংগতিৰ এক তদন্ত বিচাৰি সত্ৰাধিকাৰ গৰাকীয়ে জিলা উপায়ুক্তক এখন আবেদন অৰ্পণ কৰে ৷

উল্লেখ্য যে , সত্ৰৰ সম্পদ সমূহ ৰাখিবৰ বাবে এটা যাদুঘৰ নিৰ্মাণ কৰিছিল যদিও উক্ত গৃহ আপুৰুগীয়া সম্পদ সমূহ ৰাখিবৰ বাবে উপযুক্ত নোহোৱাত স্মৃতি ভৱনতে সম্পদ সমূহ ৰাখি দৰ্শনাৰ্থীয়ে চোৱাৰ ব্যৱস্থা কৰিছিল ৷ কিন্তু এতিয়া হঠাৎ স্মৃতি ভৱনটো ভাঙি যোৱাত সম্পদ সমূহৰ সুৰক্ষাক লৈ চিন্তিত হৈ পৰা সত্ৰাধিকাৰ সহ বৈষ্ণৱ সকলে চৰকাৰে এই ক্ষেত্ৰত তৎপৰতা গ্ৰহণ কৰি অত্যাধুনিক এটা যাদুঘৰ নিৰ্মাণ কৰি দিয়াৰ লগতে প্ৰৱাদ পুৰুষ গৰাকীৰ স্মৃতি ভৱনটোও সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহবান জনাইছে ৷ উল্লেখ যে , সত্ৰৰ আপুৰুগীয়া সম্পদ সমূহৰ ভিতৰত আহোম ৰজাৰ মহামন্ত্ৰী আতন বুঢ়াগোহাঁইয়ে সত্ৰলৈ দান কৰা ৰূপৰ শৰাই , ৰূপৰ বন কৰা ভৃঙ্গাৰ , ৰূপৰ কলহ , কাৰুকাৰ্য খচিত বাচন-বৰ্তন , হাতী দাঁত আৰু ইয়াৰে বনোৱা অলংকাৰ , আহোম যুগৰ বৰটোপ , সাঁচিপতীয়া পুথিকে ধৰি বহু সংখ্যক আপুৰুগীয়া সম্পদ সত্ৰখনত সংৰক্ষিত হৈ আছে ৷

Leave A Reply

Your email address will not be published.