Breaking

মাজুলীত শ্বহীদ দণ্ডিৰাম ভৰালীক স্মৰণ : শ্বহীদ দণ্ডিৰাম ভৰালীৰ বাসগৃহলৈ যোৱা পথ নিৰ্মানৰ দাবী ছাত্ৰ সন্থাৰ

0 2,030

৮৫৫ জন শ্বহীদৰ ৰক্তেৰে ৰঞ্জিত ঐতিহাসিক অসম আন্দোলনত ১৯৮৩ চনৰ ১০ মাৰ্চ তাৰিখে অসম মাতৃৰ হৈ আত্ম বলিদান দিয়া মাজুলীৰ একমাত্ৰ জাতীয় শ্বহীদ দণ্ডিৰাম ভৰালীৰ ৩৮ সংখ্যক মৃত্যু তিথিত আজি মাজুলী জিলা ছাত্ৰ সন্থাই শ্বহীদ গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ কাৰ্যসূচীৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে  মাজুলী  জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকাই ৷ শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে  মাজুলী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিতোপন শৰ্মাই ৷ পূৱ মাজুলী মহাবিদ্যালয়ৰ ছাত্ৰী সকলে সমবেত সংগীতেৰে আৰম্ভ কৰে শ্বহীদ তৰ্পণ অনুষ্ঠানৰ ৷ ইয়াৰ পিছতে শ্বহীদ দণ্ডিৰাম ভৰালী প্ৰতিচ্ছবিত মাল্য অৰ্পণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক সূৰ্য কুমাৰ ভূঞাই ৷ ভূঞাই বক্তব্য প্ৰসংগত জাতীয় বীৰ শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে অসম আন্দোলন , ভাষা আন্দোলনত যি সকল পংগু হ’ল তেখেত সকলৰো আশু আৰোগ্য কামনা কৰে ৷ লগতে  মাজুলীৰ একমাত্ৰ শ্বহীদ গৰাকীৰ বাসগৃহলৈ যোৱা পথটি আজিলৈকে নহ’ল পকীকৰণ নোহোৱাত সন্থাই ক্ষোভ প্ৰকাশ কৰে ৷ বাৰম্বাৰ চৰকাৰ আৰু প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰা হৈছে যদিও আজি পৰ্যন্ত পথটি নিৰ্মানৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহন নকৰিলে ৷ অতি শীঘ্ৰে সেই পথটি নিৰ্মাণৰ দাবী জনাইছে ছাত্ৰ সন্থাই ৷ পথটি নিৰ্মানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ মাজুলী জিলা প্ৰশাসনকো আহ্বান জনাইছে ছাত্ৰ সন্থাই ৷ আজি পূৱ মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আয়োজন কৰা কাৰ্যসূচীত উপস্থিত থাকি বক্তব্য প্ৰদান কৰে পূৱ মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অৰূপ কুমাৰ বৰা , শ্বহীদ দণ্ডিৰাম ভৰালীৰ ভাতৃ নগেন ভৰালীয়ে কাৰ্যসূচীত উপস্থিত থাকে সাংস্কৃতিক বিশ্ববিদ্যালয় , মাজুলীৰ শৈক্ষিক সমন্বয়ক ক্ষীৰসিন্ধু শইকীয়া , মাজুলী জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দেউজান মিলি, কাকুমনি কলিতা, শিক্ষা সম্পাদক উত্তম বৰা, পূৱ মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি যদুমনি হাজৰিকা সাধাৰণ সম্পাদক দীপাংকৰ ৰাজকোৱাৰ লগতে পূৱ মাজুলী মহাবিদ্যালয় আৰু  সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ – ছাত্ৰী সকল৷

Leave A Reply

Your email address will not be published.