মাজুলীত আৰম্ভ হল ভাওনা সমাৰোহ

ঐতিহাসিক আউনীআটি-সত্ৰৰ মণিকাঞ্চন ৰংগক্ষেত্ৰত আজিৰে পৰা ১৫ দিনীয়াকৈ অনুস্থিত হৈছে অসম ভাওনা সমাৰোহ ২০২২। ২০০৬ চনৰ পৰা প্ৰতি ২ বছৰৰ অন্তৰে-অন্তৰে আউনীআটি-সত্ৰই অনুস্থিত কৰি আহিছে ভাওনা সমাৰোহৰ। এইবাৰো বিস্তৃত কাৰ্যসূচীৰে আজিৰে পৰা আৰম্ভ হোৱা ভাওনা সমাৰোহ থলী উদুলি-মুদূলি হৈ পৰিছে। ২৮ খন প্ৰতিযোগিতাৰ ভাওনা আৰু এখন প্ৰদৰ্শনীমূলক ভাওনা সৰ্বমুঠ ২৯ খন ভাওনা অনুস্থিত হ’ব সমাৰোহত । আজি প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে ধৰ্মধ্বজা উত্তোলন কৰে আউনীআটী সত্ৰাধিকাৰ ড’ পীতাম্বৰ দেৱ গোস্বামীয়ে।

ইয়াৰ পাছতেই ক্ষেত্ৰ পৰিভ্ৰমন, মনিকূটৰ দ্বাৰ উন্মোচন,জনগোস্থীয় লোকসকৰ দ্বাৰা বৰগীত পৰিবেশন, সত্ৰাধিকাৰসকলৰ দ্বাৰা বন্তি প্ৰজ্বলন আদি বিভিন্ন কাৰ্যসূচীৰে শুভাৰম্ভ হ’ব ভাওনা সমাৰোহৰ বিয়লি ৩ বজাত ভাওনা শুভাৰম্ভ হব। ভাওনা সমাৰোহৰ লগত সংহতি ৰাখি বহুকেইটা কাৰ্যসূচী অনুষ্ঠিত হৱ। কামৰূপীয় নাগাৰ নাম,দিহা নাম সমাৰোহ, আলোচনা চক্ৰ,আদি অনুষ্ঠিত হৱ। এইবছৰ ভাওনা সমাৰোহত ভাওনা সূৰ্য আৰু ভাওনা চন্দ্ৰ উপাধি প্ৰদান কৰিব। কেইবাখনো গ্ৰন্থ উন্মোচন হৱ এই সমাৰোহত।

Related Articles