বৰ্তমান সময়খিনি বৰ জটিল আৰু কুটিল। সৰুতে শুনা পোৱা এষাৰ কথা মনত পৰে “কালৰো কাল বিপৰীত কাল, হৰিণাই চেলেকে বাঘৰে গাল”। আজিকালি অভিভাৱকসকলে সন্তানক বহুত মৰমৰ মাজেৰে লালিত পালিত কৰে। আলাসৰ লাৰুৰ দৰে ৰাখে। ভালৰো ভাল স্কুলত পঢ়ুৱায়, নিজে নাখাই খুৱাই সন্তানক। নিজৰ সকলো উজাৰি দি দাঙৰ দীঘল কৰে। ধাৰ লোন লৈ নামী দামী স্কুলত উন্নত শিক্ষাৰে শিক্ষিত কৰি তোলে।সন্তানৰ প্ৰতিটো পৰীক্ষাৰ সময়ত বিশেষকৈ মাকে উজাগৰে সময় কটায় সন্তানৰ লগত। চাহ জলপান মেগি চাউমিন সকলো যোগাৰ সন্তানৰ পড়া টেবুলৰ কাষত। সন্তানৰ পৰা এটাই আশা যাতে পৰীক্ষাৰে শেষত ক্লাছত আটাইতকৈ বেছি নম্বৰ পায়। সন্তানৰ লগতে মাকৰ সমানে কষ্ট পৰীক্ষা শেষ নোহোৱা পযর্ন্ত। কম নম্বৰ পালে বৰুৱানী আৰু কলিতানীৰ আগত মুখ ওলিয়াম কেনেকৈ? বৰুৱানী লৰাই ভালকৈ পঢ়ি চেন্নাইত চাকৰি কৰি আছে। কলিতানীৰ ছোৱালীৰ আমেৰিকাত চাকৰি। প্ৰতিযোগিতাৰ শীতল যুদ্ধ।এই শীতল যুদ্ধৰ প্ৰকোপত ল’ৰাও শান্তি নাই। মাকৰ ল’ৰা আগত সদায় এটাই গান বৰুৱাৰ ল’ৰাৰ চাকৰি কিমান ভাল জাননে? কলিতানী জীয়েকলৈ চাছোন। বাহ! কি চাকৰি। মাকক সিদিনা আমেৰিকালৈ ফুৰাব নিম বুলি কৈছে। আয়ৈ দেহি বৰুৱানী কপাল। মোৰ ভাগ্যত সেয়া নাই।
এনেকৈকে প্ৰতিজন ল’ৰা ছোৱালীকে মাক দেউতাকে ইমান যান্ত্রিক কৰি তুলিছে যে বাহিৰত চাকৰি কৰাৰ পাছত মাক দেউতাকক বুঢ়া বয়সত লালন পালন কৰিবলৈ সময় নোহোৱা হয়। চাকৰি ব্যস্ততাত সন্তানৰ নিজলৈকে সময় নোহোৱা হয়। না ভাত সময়ত খাব পাৰে না পানী। বুঢ়া মাক দেউতাকৰ কথা চিন্তা কৰিবলৈ ক’ত হ’ব? বোৱাৰী অনাৰ পাছতটো কবই নালাগে। বিয়াৰ আগত যদি সন্তান মাক দেউতাকৰ লগত ৫০ হাতৰ দূৰৈত আছিল বোৱাৰীক অনাৰ পাছত ১০০ হাতৰ আঁতৰত পায়গৈ। বোৱাৰীয়ে মাত্ৰ নিজৰ ঘৰৰ মানুহবিলাকহে মানুহ বুলি ভাবে। বোৱাৰীঘৰৰ মানুহবিলাকে নিজৰ ঘৰত বহুদিন আহি থাকিলেও ভালে পায়। ল’ৰাৰ ঘৰৰ মানুহবিলাকক এদিন দুদিনতে আমুৱায়। বোৱাৰীয়ে কয় ল’ৰাক কয় তোমাৰ মানুহবিলাক আহিলে সুদা হাতে আহে। কিন্তু বোৱাৰীৰ নিজৰ মানুহবিলাক আহিলে হাতত কি লাগি আহে সেৱা দেখা নাপায়। সন্তানে সফল হৈ বিদেশত অথবা দেশৰ উন্নত চহৰত কাম কৰিবলৈ গুছি যায় মাক দেউতাকক এৰি। সন্তানে এচি সুমন বহি কাম কৰে। মাক দেউতাকে গৰমত ঘৰত বাস কৰে। মাক দেউতাকৰ খবৰ লবলৈ সন্তানৰ সময় নাই, ছুটি নাপায়। দিন যায়, ৰাতি যায়, সন্তানৰ মূখ চোৱাৰ হেঁপাহত মাক দেউতাকৰ পদূলীলৈ বাৰে বাৰে চকু। কিন্তু কামৰ ব্যস্ততাত সন্তান ব্যস্ত। সময় নাই মাক দেউতাকৰ বাবে।
বেছিকৈ নপঢ়া ল’ৰা কেইটাই হাজিৰা কৰে, খেতি কৰে, দোকান দিয়ে। দুই এপইচাৰে অতি কষ্টৰে ঘৰ চলায়। মাক দেউতাককো লগতেই বাস কৰে। কেতিয়াবা এসাজ খাবলৈ পালেও পালে নাপালেও একো নাই। তথাপিওঁ মাক দেউতাকক অনাথ আশ্ৰমত নাৰেখে। আমেৰিকা, চেন্নাই আৰু লন্ডনত চাকৰি কৰা ল’ৰাই মাক দেউতাকক অনাথ আশ্ৰমত ৰখাটোয়ে অতি উত্তম বুলি ভাবে। অনাথ আশ্ৰমত ৰাখিবলৈও সু-বুদ্ধি ওপজা নোহোৱা সকলৰ মাক দেউতাকৰ মৰি গেলি পঁচি যোৱা মৃতদেহ বহুদিন ঘৰৰ ভিতৰতেই পৰি ৰয়। এনেকৈয়ে কিছুমান মাক দেউতাকৰ কৰুণ মৃত্যুৰ বাতৰি আজিৰ দিনত বৰ সহজলভ্য। সেইকাৰণে সময়ৰ গতি বিধিলৈ লক্ষ্য নজৰ দি নিজৰ সন্তানক প্ৰতিযোগিতাৰ দৌৰত হেৰাই যাবলৈ নিশিকাই সৎ মানুহৰ আচৰণৰ বিষয়েও কওঁক শিকাওক। মানুহৰ মানৱীয় দিশটোৰ প্ৰতিও সমানেই শিকাওক। নহলে জীৱনৰ শেষ সময়খিনি অতি কৰুণ সময়ৰৰ লগত অতিবাহিত কৰিবলৈ সাজু হৈ থাকক।নিজৰ সন্তানক মানৱীয় মূল্যবোধৰ প্ৰতি অতিকৈ সচেতন সবলৈ শিকাওক। সন্তানক মাত্ৰ কেইটামান টকাৰ বিনিময়ত মানৱীয় অনুভুতি বিলাক বিক্রি কৰিবলৈ নিশিকাব।
লেখকঃ সদানন্দ সন্দিকৈ