Breaking

কেচুসাৰৰ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন মাক্ৰাপাৰৰ তপন ডেকাৰ

0 1,247

 যি সময়ত এটা সাধাৰণ চাকৰিৰ বাবে বহু নিৱনুৱা যুৱক-যুৱতীয়ে বহি:ৰাজ্যলৈ ঢাপলি মেলিচে সেই সময়তে  নলবাৰীৰ এজন যুৱকে চাকৰি বাদ দি কেচুসাৰ উৎপাদনেৰে স্বাবলম্বিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে  । গুজৰাটৰ ওৰগেনিক বায়োফাৰ্মত তিনিবছৰ চাকৰি কৰা   নলবাৰীৰ   মাক্ৰাপাৰৰ যুবক তপন ডেকাই চাকৰি বাদ দি  ঘৰতে কেচুসাৰৰ খেতিৰে স্বাবলম্বীতাৰ  উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে । গুজৰাটৰ কৃষি বায়’টেক লিমিটেডত ৬ মাহ প্ৰশিক্ষণ লৈ তাত ৩ বছৰকাল চাকৰি কৰা তপনে  কেচুসাৰ কিদৰে উৎপাদন  কৰিব পাৰি তাৰ বাবেই অশেষ কষ্ট কৰিব লগীয়া হৈছিল ।

  চল্লিশ (৪০)  বছৰীয়া তপন ডেকাই ২০০৭ চনত Bikas Vermi Compost নাম দি একক প্ৰচেষ্টাৰে নিজ কৰ্মত নামি বৰ্তমান দুজন কৰ্মচাৰীৰ সহিতে পত্নী- পুত্ৰৰ লগত সুখেৰে জীবন নিৰ্বাহ কৰি আছে । সম্প্ৰতি কেচুৱাৰ বিক্ৰী কৰি মাহিলি  ত্ৰিশ হেজাৰ টকা পোৱা বুলি জানিব দিয়ে তপন ডেকাই । তপন ডেকাৰ কৃষি কৰ্মই এতিয়া উৎসাহিত কৰিছে নিবনুৱা যুৱক-যুৱতী সকলক । নিবনুৱাৰ বাবে তপন ডেকা হৈ পৰিছে এতিয়া  আদৰ্শ স্বৰূপ  । 

Leave A Reply

Your email address will not be published.