“ওদালগুৰি জিলা ভেৰগাঁও মহকুমা অন্তৰ্গত অতিৰ্য্যমণ্ডিত তিৰ্থস্থান মালমূৰা বুঢ়াগোঁসাই দেৱালয় অসম চৰকাৰৰ অভিলাষি আঁচনী ‘অসম দৰ্পনৰ পৰা বঞ্চিত।উল্লেখ্য যে ওদালগুৰি জিলা মালমূৰাত প্ৰায় ৫১১ বছৰে বুঢ়াপূজা উদযাপন কৰি অহাঁ বহুপুৰণি তিৰ্থস্থান মালমূৰা বুঢ়াগোসাই দেৱালয় অসম চৰকাৰৰ দৰ্পন আঁচনীৰ তালিকাত প্ৰায় ২০১৮-১৯ বৰ্ষতে ২২ নং হিতাধিকাৰীত অন্তৰ্ভুক্ত হৈছিল, আৰু এতিমধ্যে তালিকাত অন্তৰ্ভুক্ত প্ৰায় (২১) নং হিতাধিকাৰীলৈ অসম চৰকাৰৰ অভিলাষি আঁচনী ২০২০ চনৰ ভিতৰত অসম দৰ্পন আঁচনী সম্পূৰ্ণভাবে ৰূপায়ণ হ’ল। কিন্তু বৰ্তমান পৰ্যায়লৈ ওদালগুৰি জিলাৰ মালমূৰা বুঢ়াগোসাঁই দেৱালয়ত অসম চৰকাৰৰ (২২) নং হিতাধিকাৰীৰ তালিকাত থকাৰ পিছতো অসম দৰ্পন আঁচনী ৰূপায়ণ নহোৱাত দেৱালয় সমিতিয়ে আক্ষেপ প্ৰাকাশ কৰে। আৰুকি কাৰণত এনদৰে বঞ্চিত হৈ ৰ’ল সেই সন্দৰ্ভত অৱগত হ’বলৈ দেৱালয় সমিতিয়ে স্থানীয় জনপ্ৰতিনিধিৰ সৈতে মত বিনিময় কৰিছিল যদিও সঠিক উত্তৰ বিছাৰি নপোৱাত দেৱালয় সমিতিয়ে সংবাদমেল যোগে আজি জিলা উপায়ুক্তৰ লগতে অসম চৰকাৰলৈ কি কাৰণত তালিকাত অন্তৰ্ভুক্ত থকাৰ পিছত মালমূৰা বুঢ়াগোসাঁইত অসম দৰ্পন আঁচনী ৰূপায়ণ নহ’ল সেই সন্দৰ্ভত উচিত ব্যৱস্থা লবলৈ সংবাদমেল যোগে জিলা উপায়ুক্তলৈ আহ্বান জনাই।