মামা মই জীয়াই থাকিব বিচাৰো। মুখ্যমন্ত্ৰীলৈ ১০ বছৰীয়া ছাত্ৰৰ আহ্বান

বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰা চতুৰ্থ খণ্ডৰ জমিৰ আলী ভুঞাৰ ১০ বছৰীয়া পুত্ৰ যোৱা ৫ মাহে এক জটিল ৰোগত আক্ৰান্ত। দুৰ্ভগীয়া পিতৃয়ে চিকিৎসালয়ৰ দোৱাৰে দোৱাৰে ঘুৰি হতাশাত ভুগিবলগীয়া হৈছে। বৰ্তমান টকাৰ অভাৱত ৰোগীয়া পুত্ৰক বুকুত লৈ ঘৰতে বহি চকুপানী টুকিবলগীয়া হৈছে। জীৱনৰ আদি পাঠতে যেন স্তব্ধ হৈ পৰিছে এটা জীৱন। বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰি কোনো সুফল পোৱা নাই।

দিন হাজিৰা কৰি কোনোমতে দিন পাৰ কৰা পিতৃৰ যেন সকলো দিশ বন্ধ হৈ আহিছে। একমাত্ৰ পুত্ৰৰ চিকিৎসা কৰিব নোৱাৰি চৰকাৰ তথা বিভিন্ন দল সংগঠনৰ লগতে হৃদয়বান ব্যক্তিৰ সহায় বিচাৰিছে পিতৃয়ে। যদি কোনোবাই সহায় কৰিব বিচাৰে তেন্তে জমিৰ আলী ভুঞাৰ নামত থকা SBI- 36906369406, IFSC – SBIN 0008462 একাউন্ট নম্বৰত সহায় আৰু 6003706483 মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব। আপোনাৰ কিঞ্চিত সঁহাৰিয়ে হাহিঁ বিৰিঙাব পাৰে এটা পৰিয়াল লৈ।

Related Articles