সৰুপথাৰত পিষ্টল সহ এজনক আটক

আসাম ৰাইফলছ আৰু গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিতৰ যুটীয়া অভিযানত ধনশিৰি মহকুমাৰ সৰুপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চুকীয়াপথাৰ গাঁৱৰ পৰা পিষ্টল সহ এজন লোকক আটক কৰিছে নৱ বড়ো নামৰ এজন যুৱকক ৷ নৱ বড়ো বিগত বৰ্ষৰ ১৩ আগষ্টত সৰুপথাৰ ইকৰানীৰ শ্যাম চাৰ্ভিচ পেট্ৰল পাম্পত হোৱা ডকাইটি ঘটনাৰ লগত জড়িত আছিল বুলি জানিব দিয়ে আৰক্ষীয়ে।

আৰক্ষীয়ে আটকাধীন যুৱকজনৰ পৰা এটা ৯ এম এম পিষ্টল সহ ২ জাই সজীৱ গুলী আৰু মবাইল ফোন জব্দ কৰিবলৈ সক্ষম হৈছে।ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

Related Articles