বিশ্বৰ মানুহৰ অলক্ষিতে কিমান যে জনগোষ্ঠীৰ লোকে এতিয়াও আদিম অৱস্থাতে বাস কৰি আছে তাৰ কোনো লেখ-জোখ নাই। আনকি আমাৰ ভাৰতৰো আন্দামানত তেনে বহু জনগোষ্ঠী আছে। শেহতীয়াকৈ ব্ৰাজিলৰ এটা আদিম জনগোষ্ঠীৰ অন্তিমজন জীৱিত সদস্যৰ মৃত্যু হৈছে। তেওঁক ‘দ্য মেন অফ দ্য হোল’ বুলি জনা গৈছিল।ব্ৰাজিলৰ চৰকাৰী সংস্থা ‘ফুনাই’য়ে এই কথা প্ৰদান কৰিছে।
ব্ৰাজিলৰ চৰকাৰী সংস্থা ‘ফুনাই’য়ে প্ৰকাশ কৰা মতে আধুনিক সভ্যতাৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাছিল। ব্ৰাজিলত, সভ্যতাৰ সৈতে সম্পৰ্ক নোহোৱা জনগোষ্ঠীটোৰ অন্তিম সদস্য জনে ২৬ বছৰ অকলে থকাৰ পিছত মৃত্যুক সাৱটি লয়। মেন অফ দ্য হোলক পৃথিৱীৰ আটাইতকৈ অকলশৰীয়া মানুহ বুলি কোৱা হয়। তেওঁ তেওঁৰ জনগোষ্ঠীটোৰ অন্তিম সদস্য আছিল।তেওঁৰ কোনো নিৰ্দিষ্ট নাম থকাৰ কথা জনা নাযায় ,কিয়নো সভ্যতাৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাছিল। সেয়ে আদুনিক সভ্যতাৰ মানুহে তেওঁক ‘মেন অফ দ্য হোল’বুলিয়েই জানিছিল। তেওঁৰ জীৱনটো প্ৰায় অন্ধকাৰত অতিবাহিত হৈছিল।জানিব পৰা গৈছে যে এটা গুহাৰ ভিতৰতে তেওঁ জীৱন কটাইছিল। গুহাৰ ওচৰত লোক জনে কেইবাটাও গভীৰ গাঁত খান্দিছিল। সেই গাঁত কিছুমান জন্তুক ফান্দত পেলাবলৈ ব্যৱহাৰ কৰা হৈছিল। তেওঁ বন্যপ্ৰাণী চিকাৰ কৰিবলৈ কোনো বিশেষ উপায়েৰে এনে গাঁতবোৰ খান্দিছিল। সেই গাঁততেই তেওঁ নিশা শুইছিলো। সেইবাবেই তেওঁক ‘মেন অফ দ্য হোল’ অৰ্থাৎ গাঁতৰ মানুহ বুলি কোৱা হৈছিল।
জানিব পৰা গৈছে যে তেওঁৰ মৃতদেহ ২৩ আগষ্টত তেওঁৰ ঘৰৰ বাহিৰত এটা গাঁতত পোৱা গৈছিল।
মৃতদেহটো হত্যা কৰাৰ কোনো লক্ষণ নাছিল, সেয়েহে কৰ্তৃপক্ষই ইয়াক প্ৰাকৃতিক মৃত্যু বুলি ধৰি লৈছে।
অৱশ্যে তেওঁৰ মৰণোত্তৰ পৰীক্ষা কৰা হ’ব বুলি ব্ৰাজিলৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত মানুহজনৰ বয়স প্ৰায় ৬০ বছৰ হৈছিল বুলি ধাৰণা কৰা হৈছে।জানিব পৰা মতে ১৯৭০-ৰ দশকৰ আৰম্ভণিতে কৃষিযোগ্য ভূমি সম্প্ৰসাৰণৰ বাবে জনগোষ্ঠীটোৰ বহু লোকক কৃষকসকলে হত্যা কৰিছিল। জনগোষ্ঠীটোৰ অন্তিম ছয়জন সদস্যক ১৯৯৫ চনত হত্যা কৰা হৈছিল বুলি জনা গৈছে।
পৰৱৰ্তী ২৬ বছৰত ১৯৯৬ চনৰ পৰা ব্ৰাজিলৰ জনজাতি পৰিক্ৰমা সংস্থাৰ (ফুনাই) বিষয়াসকলে লোকজনক সম্পূৰ্ণ নিৰাপত্তা প্ৰদান কৰাৰ লগতে তেওঁক নিৰীক্ষণ কৰি আহিছিল।
২০১8 চনত ফুনাইৰ সদস্যসকলে জংঘললৈ গৈ ‘মেন অফ দ্য হোল’ৰ এটা ভিডিঅ’ৰ চিত্ৰগ্ৰহণ কৰিছিল। তেতিয়াৰে পৰা তেওঁক কোনেও দেখা পোৱা নাছিল। শেহতীয়াকৈ তেওঁৰ মৃত্যু ঘটাৰ বাতৰিয়ে বহুতোকে শোকাহত কৰিছে।