Breaking

মণিকা টেৰণপীৰ “আৰলেং”লৈ অসমীয়া ভাষাৰ শ্ৰেষ্ঠ কাব্যগ্ৰন্থ বঁটা…

0 745


কাৰ্বি আংলং জিলা কবি সন্মিলনে ২০২১-২২ বৰ্ষৰ কাৰ্বি আংলং জিলা (অবিভক্ত) ভিত্তিত আয়োজিত কাব্য সম্পৰ্কীয় প্ৰতিযোগিতাৰ ফলাফল আজি ঘোষণা কৰিছে। কাৰ্বি আংলং জিলাৰ (অবিভক্ত) বিভিন্ন জনগোষ্ঠীয় ভাষাৰ কাব্যগ্ৰন্থৰ বাবে ৪০ৰ অনূৰ্ধ্বৰ কবিৰ কাব্য সংকলনৰ বাবে ‘শ্ৰেষ্ঠ কাব্যগ্ৰন্থ বঁটা’প্ৰাপকৰ নাম ঘোষণা কৰা মতে, কাৰ্বি ভাষাত ডিফুৰ কবি অন টেৰণৰ ‘নাং হিনচাং কেমান’, বড়ো ভাষাত বকলীয়াঘাটৰ কবি লংকেশ্বৰ হাইনাৰীৰ ‘বাইদি বৗৰৗন দেংখৗ’, তিৱা ভাষাত ৰজাপথাৰৰ কবি জনাৰ্দন পাটৰৰ ‘হালৰ’ আৰু অসমীয়া ভাষাত ডিফুৰ কবি মণিকা টেৰণপীৰ প্ৰথম কাব্য সংকলন ‘আৰলেং’ ‘শ্ৰেষ্ঠ কাব্যগ্ৰন্থ বঁটা’ৰ বাবে নিৰ্বাচিত হৈছে। আনহাতে, কাৰ্বি আংলং জিলাৰ (অবিভক্ত)৪০ৰ অনূৰ্ধ্বৰ শ্ৰেষ্ঠ কবিলৈ ‘শ্ৰেষ্ঠ কবি বঁটা’ আগবঢোৱা হয়।

এইবাৰ এই বঁটা লাভ কৰিছে— কাৰ্বি ভাষাত ডিফুৰ লংবিৰ তেৰাং, বড়ো ভাষাত লাংহিনৰদেদেৰে মাইনাও বড়ো, তিৱা ভাষাত ঘিলানী, সাতগাঁও পশ্চিম কাৰ্বি আংলঙৰ সাতগাঁৱৰ ঘিলানীৰ বুদ্ধেশ্বৰ ছাগ্ৰা, আৰু অসমীয়া ভাষাত পশ্চিম কাৰ্বি আংলঙৰ টুম্প্ৰেঙৰ বাপন ক্ৰ’ই। তদুপৰি, কাৰ্বি আংলং জিলা (অবিভক্ত) ভিত্তিত অসমীয়া ভাষাৰ মুকলি স্বৰচিত কবিতা প্ৰতিযোগিতাৰ ‘শ্ৰেষ্ঠ কবিতা বঁটা’ লাভ কৰিছে প্ৰথম প্ৰজ্ঞাপাৰমিতা বৰুৱা, দ্বিতীয় পৰিমিতা গোস্বামী আৰু তৃতীয় স্থান যুটীয়াকৈ লাভ কৰিছে ডিফুৰ ৰশ্মিৰীয়া গগৈ আৰু টুম্প্ৰেঙৰ নিৰলা ইংহিপীয়ে।

ইয়াৰ উপৰি কাৰ্বি আংলং জিলা কবি সন্মিলনৰ ‘হিৰজিৰ’ কাব্যালোচনীৰ ২০২১-২২ বৰ্ষৰ বাবে শ্ৰেষ্ঠ কবিলৈ আগবঢ়োৱা ‘হিৰজিৰ বঁটা’ লাভ কৰিছে কাৰ্বি আংলঙৰ ৰজাপথাৰৰ কবি ছাৰ এজাং ৰাজ ৰাজে। উল্লেখ্য, প্ৰতিযোগিতাৰ আজি ঘোষিত বঁটাবোৰ চলিত বৰ্ষৰ ১ অক্টোৱৰত বকলীয়াঘাটৰ ৰজাপথাৰত অনুষ্ঠিত হ’ব লগা কাৰ্বি আংলং জিলা কবি সন্মিলনৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিৱেশনত প্ৰদান কৰা হ’ব বুলি কাৰ্বি আংলং জিলা কবি সন্মিলনৰ সম্পাদক ভৱপ্ৰসাদ দেউৰীয়ে জনাইছে।

Leave A Reply

Your email address will not be published.