মানিকপুৰত গৰিয়া-মৰিয়া দেশীসকলৰ প্ৰতিবাদী পদযাত্ৰা

বিটিআৰত বসবাস কৰা গৰিয়া-মৰিয়া দেশী সকলৰ বিভিন্ন সমস্যাক লৈ এক প্ৰতিবাদী পদযাত্ৰা জাতীয় সংগঠনটোৰ। ১২ ফেব্ৰুৱাৰীত গোৰেশ্বৰৰ পৰা কোকৰাঝাৰলৈ ছয় দিনীয়া কাৰ্যসূচীৰে উলিওৱা পদযাত্ৰাত অংশগ্ৰহণ কৰা দলটোৱে আজি মানিকপুৰত  উপস্থিত হয়। যাত্ৰা পথত সংগ্ৰামী কাৰ্যকৰ্তা সকলক সৰভোগ আৰু মানিকপুৰ আঞ্চলিক সমিতিৰ  তৰফৰ পৰা বিশেষভাবে সম্বৰ্ধনা জনায়।


উল্লেখ্য যে, ইতিমধ্যে বিটিআৰত  বিভিন্ন জনগোষ্ঠীক সংৰক্ষিত জনগোষ্ঠীৰ মৰ্যদা প্ৰদান কৰা হৈছে যদিও একেই ভূমিত বসবাস কৰা গৰিয়া মৰিয়া দেশীসকলক এতিয়ালৈকে  মৰ্যদা প্ৰদান কৰা নাই l সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বিটিআৰ সম্বন্ধয়ৰক্ষী সমিতিৰ উদ্যোগত তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ পৰা কোকৰাঝাৰলৈ হব এই পদযাত্ৰা৷ বিটিআৰ অঞ্চলত গৰিয়া-মৰিয়া-দেশী লোকসকলক সংৰক্ষিত জনগোষ্ঠীৰ মৰ্যাদা প্ৰদান কৰা, ট্ৰাইবেল বেল্ট এণ্ড ব্লক  এলেকাৰ লগতে বিটিআৰ অঞ্চলত ভূমিৰ অধিকাৰ সুনিশ্চিত কৰা, গৰিয়া-মৰিয়া-দেশী জনগোষ্ঠীৰ নামত উন্নয়ন বৰ্ড গঠন কৰা আদিয়ে হ’ল এই পদযাত্ৰাৰ মূল দাবী৷

Related Articles