নলবাৰী জিলাৰ দৌলাশালৰ মিলন পাৰা(১নং এলট)-ৰ শ্ৰী শ্ৰী কৃষ্ণ গোঁসাইৰ মণিকূট নিৰ্মাণৰ লাইখুঁটা আজি এক মাংগলিক কাৰ্যসূচীৰে স্থাপন কৰা হয় । অসম দৰ্শন আচঁনিৰ অধীনত আবন্টিত ধনেৰে মণিকূট নিৰ্মাণৰ লাইখুটা স্থাপন কৰা হয় । মাংগলিক কাৰ্যসূচী আৰু আয়তীসকলৰ উৰুলিৰে আজি লাইখুঁটা স্থাপন কৰে অৱসৰী শিক্ষক হিতেশ গোস্বামীয়ে । অনুষ্ঠানত উপস্থিত থাকে দৌলাশালস্থিত শ্ৰী শ্ৰী কানাই ব’লাই আদি থান সত্ৰৰ সভাপতি ভৱেন কুমাৰ কলিতা, দৌলাশাল জিলা পৰিষদৰ সদস্য বিৰাজ মেধি, দৌলাশাল উন্নতি সাধনী সভাৰ প্ৰাক্তন সম্পাদক ৰবেন বৈশ্য, মিলন পাৰা উন্নয়ন সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে অমূল্য বৰুৱা আৰু খঞ্জনজ্যোতি পাঠকৰ লগতে কেইবাগৰাকীও বিশিষ্ট লোক । উল্লেখ্য যে শ্ৰী শ্ৰী কৃষ্ণ গোঁসাই মন্দিৰৰ নামত অসম দৰ্শন আঁচনিৰ ২ লাখ ৫০ হাজাৰ টকা আবন্টন হয় ।