গাঁৱত সহজে উপলদ্ধ মানিমুনি। এণ্টি-অক্সিডেণ্ট গুণ যুক্ত মানিমুনি অতি উত্তম বনৌষধি উদ্ভিদ। আজি পঢ়ুৱৈৰ বাৰে লৈ আহিছো মানিমুনিৰ ৰসৰ উপকাৰিতাৰ বিষয়ে।
মানিমুনিৰ ৰস মৌৰ লগত খালে তেজ পৰিষ্কাৰ হয়।
পেটৰ বিভিন্ন সমস্যা- গ্ৰহণী, পিত্ত, অৰুচি, বদহজম, আলচাৰ আদিৰ বাবে মানিমুনিৰ ৰস অতি উপকাৰী।
মানিমুনিয়ে মগজু সক্ৰিয়তা, স্মৃতি শক্তি বঢ়াত সহায় কৰে।
উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে মানিমুনিয়ে । হৃদযন্ত্ৰ , লিভাৰ, স্নায়ুৱিক দুৰ্বলতা, নিদ্ৰাহীনতা, জ্বৰ-কাহ, টনচিল, শ্বাস জনিত সমস্যাত মানিমুনিৰ ৰস অতি উপকাৰী।
এলাৰ্জি , খৰ , খজুৱতি, ঘাঁ শুকোৱা আদি ছালৰ সমস্যাত মানিমুনিৰ ৰস উপকাৰী।
নিয়মিয়াকৈ মানিমুনি ৰসৰ লগত হালধিৰ ৰস, চেনি আৰু মৌ মিহলাই খালে লিভাৰ জনিত সমস্যাত উপকাৰ পোৱা যায়।
মানিমুনিৰ ৰস খালে শৰীৰৰ ছাল নিমজ হয়।
বসন্ত ৰোগত মানিমুনি ৰসৰ লগত মিচিৰি মিহলাই খালে জ্বৰ কমে আৰু ৰোগী সোনকালে আৰোগ্য হয়।