Breaking

মণিপুৰত প্রথমজন অমিক্রন আক্রান্ত চিনাক্ত

0 2,035

বিশ্বক ত্রাসিত কৰি ৰখা ক’ভিড–১৯ৰ নতুন প্রকৰণ অমিক্রন উত্তৰ–পূব পালেহি৷ উত্তৰ–পূবৰ ৰাজ্য মণিপুৰত আজি প্রথমজন অমিক্রনত আক্রান্ত ৰোগী চিনাক্ত হৈছে৷ ডেল্টা প্রকৰণতকৈ ৭০ শতাংশ দ্রুততম সংক্রমিত অমিক্রনত আক্রান্ত মণিপুৰৰ ৰোগীজন ৪৮ বছৰীয়া৷ পূব ইম্ফলৰ বাসিন্দাজনে অলপতে পূব আফ্রিকাৰ দেশ টাঞ্জানিয়া ভ্রমণ কৰি অহাৰ পাছতে ক’ভিড–১৯ত আক্রান্ত হয়৷ ক’ভিডত আক্রান্ত হোৱাৰ পাছত ৪৮ বছৰীয়া ৰোগীজনৰ জেনম চিকুৱেঞ্চিং নমুনা পৰীক্ষা কৰাত ৰোগীজন অমিক্রনত আক্রান্ত হোৱাটো নিশ্চিত হয়৷ যোৱা ২১ ডিচেম্বৰত টাঞ্জানিয়াৰ পৰা উভতি অহা লোকজন অমিক্রনত আক্রান্ত হোৱাৰ পাছতে তেওঁৰ পৰিয়ালক আইছ’লেচনত ৰখা হৈছে৷ মণিপুৰৰ বিমানবন্দৰত আন্তর্জাতিক ভ্রমণ যাত্রীক সূক্ষ্ম নিৰীক্ষণ কৰাৰ লগতে ক’ভিড–১৯ পৰীক্ষণ কৰা ব্যৱস্থাটোত এই ৰোগীজন ধৰা পৰিছে৷ ইতিমধ্যে দেশৰ ১৭খন ৰাজ্যত অমিক্রনত আক্রান্ত ৰোগী চিনাক্ত হোৱাৰ পাছত আজি মণিপুৰ আৰু গোৱাত এজনকৈ লোক অমিক্রনত আক্রান্ত হোৱাটো নিশ্চিত হৈছে৷

ইয়াকে লৈ দেশৰ ১৯খন ৰাজ্যলৈ বিয়পিল বিশ্ব স্বাস্থ্য সংস্থাই ঘোষিত ক’ৰোনাৰ উদ্বিগ্ণ প্রকৰণ অমিক্রনৰ সংক্রমণ৷ মণিপুৰ আৰু গোৱাত প্রথমজন অমিক্রনত আক্রান্ত ৰোগী আজি চিনাক্ত হোৱাৰ লগে লগে দেশত আক্রান্তৰ সংখ্যা ৫৮৮জনলৈ বৃদ্ধি পাইছে৷ ইপিনে দেশত ভয়াৱহ অমিক্রনত আক্রান্ত ৰোগীৰ সংখ্যা দ্রুতগতিত বর্ধিত হৈ থকাৰ পতি লক্ষ্য ৰাখি কেন্দ্রীয় গৃহ মন্ত্রালয়ে ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহলৈ কঠোৰ নির্দেশনা প্রেৰণ কৰিছে৷ ইতিপূর্বে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহলৈ ক’ভিড প্রট’কল কঠোৰভাৱে মানি চলাৰ বাবে নির্দেশ জাৰি কৰাৰ পাছত আজি কেন্দ্রীয় গৃহ মন্ত্রালয়েও কঠোৰ নির্দেশনা জাৰি কৰিছে৷ কেন্দ্রীয় গৃহ সচিব অজয় ভাল্লাই ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহলৈ জাৰি কৰা নির্দেশনা অনুসৰি ক’ভিডৰ সংক্রমণ বৃদ্ধি সম্পর্কত বিবেচনা কৰি স্থানীয়ভাৱে নিষেধাজ্ঞা জাৰি কৰিব পাৰিব৷ তদুপৰি কেন্দ্রীয় গৃহ সচিবগৰাকীয়ে ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহত জনসমাগম নিয়ন্ত্রণ কৰিবলৈ কঠোৰ নির্দেশনা জাৰি কৰিছে৷

গৃহ মন্ত্রালয়ে পাঁচদফীয়া ৰণনীতি সঠিকভাৱে পালন কৰাত প্রাধান্য দিছে৷ এই পাঁচদফীয়া ৰণনীতি হৈছে পৰীক্ষণ–চিনাক্তকৰ্ আৰু ক’ভিডৰ সঠিক আচৰণ৷ দক্ষিণ আফ্রিকাত প্রথমে চিনাক্ত হোৱা ক’ভিডৰ নতুন প্রকৰণ অমিক্রন বিশ্বৰ ১১৬খন দেশলৈ বিয়পি পৰিছে৷ ইয়াৰ ভিতৰত ভাৰততো দ্রুতগতিত অমিক্রনৰ সংক্রমণ বর্ধিত হৈ আছে৷ এনে পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় চৰকাৰৰ নির্দেশনাৰ আধাৰত মহাৰাষ্ট্র, উত্তৰ প্রদেশ, মধ্য প্রদেশ, হাৰিয়ানা, গুজৰাটৰ কেইবাখনো জিলা আৰু দেশৰ ৰাজধানী নতুন দিল্লীত নৈশ সান্ধ্য আইন বলৱৎ কৰিছে৷ অমিক্রনত আক্রান্ত বর্ধিত হোৱা বাবে কেৰালাতো ৩০ ডিচেম্বৰৰ পৰা নৈশ সান্ধ্য আইন ঘোষণা কৰিছে৷ ক’ভিড–১৯ৰ নতুন প্রকৰণ অমিক্রনসহ আন প্রকৰণত আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে সংক্রমণ নিয়ন্ত্রণৰ বাবে মধ্যপ্রদেশেই প্রথমতে নৈশ সান্ধ্য আইন বলৱৎ কৰে৷ ৰাজ্যখনত নিশা ১১.৩০ বজাৰ পৰা পুৱা ৬ বজালৈকে নৈশ সান্ধ্য আইন বলৱৎ হৈ থাকিব৷ বাকী ৰাজ্যসমূহতো নৈশ সান্ধ্য আইন ইতিমধ্যে বলৱৎ কৰা হৈছে৷ দেশৰ ভিতৰত সর্বাধিক মহাৰাষ্ট্রত শতাধিক লোক অমিক্রনত আক্রান্ত হোৱাৰ বিপৰীতে দ্বিতীয় সর্বাধিক আক্রান্ত হৈছে ৰাজধানী দিল্লীত৷ কর্ণাটক, তামিলনাডু, কেৰালা, পশ্চিমবংগ, উত্তৰ প্রদেশ, ওড়িশা, মধ্যপ্রদেশ, জম্মু–কাশ্মীৰ, লাডাখকে ধৰি ১৯ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলত অমিক্রনত আক্রান্ত লোকৰ সংখ্যা বর্ধিত হৈ আছে৷

Leave A Reply

Your email address will not be published.