Breaking

ইউক্ৰেইনৰ পৰা উভতি ঘৰ আহি পালেহি বঙাইগাঁও জিলাৰ মানিকপুৰৰ মঞ্জুৰ আলম

0 2,108

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ চলি থকাৰ সময়তে ইউক্ৰেইনৰ চিকিৎসা বিশ্ববিদ্যালয়ত অধ্যয়নৰত বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৫নং ভাণ্ডাৰাৰ ছাত্ৰ মঞ্জুৰ আলম ঘৰলৈ উভতি আহিছে। চৰকাৰৰ সহযোগত ঘৰলৈ উভতি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে ছাত্ৰজনে। ইউক্ৰেইনত আবদ্ধ থকাৰ সময়তে কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছিল সেই কথা ব্যক্ত কৰিলে সাংবাদিকৰ সম্মুখত। বজাৰত থকাৰ সময়তে বোমা বিস্ফোৰণ হোৱাৰ কথা ব্যক্ত কৰিলে ছাত্ৰজনে। ইণ্ডিয়ান এম্বেচীৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে ছাত্ৰজনে।

ইণ্ডিয়ান এম্বেচীয়ে যেনেদৰে সহযোগিতা কৰিব লাগিছিল তেনেদৰে সহযোগ কৰা নাই বুলি উল্লেখ কৰে। এতিয়াওঁ বহু ছাত্ৰ আবদ্ধ হৈ থকা বুলি উল্লেখ কৰি সেইসকল ছাত্ৰ ছাত্ৰীক উদ্ধাৰ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ছাত্ৰ জনে। মঞ্জুৰ আলম ঘৰলৈ উভতি অহাত পৰিয়ালৰ লোকৰ মাজত হাহিঁ বিৰিঙাইছে।

Leave A Reply

Your email address will not be published.