প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ভাৰতৰ অৰ্থনৈতিক সংস্কাৰক ড° মনমোহন সিং আৰু নাই। দিল্লী এইমছত বৃহস্পতিবাৰে নিশা তেওঁৰ মৃত্যু হয়। তেওঁৰ মৃত্যুত কেন্দ্ৰীয় চৰকাৰে ৭ দিনৰ ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে। শনিবাৰে ড০ মনমোহন সিঙৰ অন্তিম ৰীতি-নীতি সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে সম্পন্ন কৰা হ’ব। শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া সকলো চৰকাৰী কাৰ্যসূচী বাতিল কৰা হৈছে। শুকুৰবাৰে কেন্দ্ৰীয় কেবিনেটৰ বৈঠক হ’ব, তাতেই প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব। ভাৰতৰ অৰ্থনৈতিক সংস্কাৰৰ পিতৃ মনমোহন সিঙৰ বৃহস্পতিবাৰে নিশা ৯২ বছৰ বয়সত মৃত্যু হয়।
শুকুৰবাৰে পুৱা প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক শ্ৰদ্ধাঞ্জলি জনাবলৈ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
#WATCH | Delhi | PM Narendra Modi pays last respects to late former PM Dr Manmohan Singh and offers condolences to his family pic.twitter.com/7vn1PB1Xdj
— ANI (@ANI) December 27, 2024
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়েও মনমোহন সিঙৰ বাসগৃহত উপস্থিত হৈ তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত এৰিক গাৰ্চেট্টীয়ে কয়, ‘আমেৰিকা-ভাৰত সম্পৰ্কৰ এক ঐতিহাসিক অধ্যায় মুকলি কৰা আমাৰ প্ৰিয় বন্ধু তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ নিস্বাৰ্থ অৱদানৰ কথা আমি সুঁৱৰিছো। ভাৰতৰ উন্নয়ন আৰু সমৃদ্ধিৰ প্ৰতি তেওঁৰ সমৰ্পণে আমাক অনুপ্ৰাণিত কৰি আহিছে। তেওঁৰ নেতৃত্ব আৰু দৃষ্টিভংগীৰ বাবে আমি কৃতজ্ঞ।
প্ৰধানমন্ত্ৰী মোডীৰ উপৰিও গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাইও মনমোহন সিঙৰ ঘৰত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
#WATCH | Delhi | Union Home Minister Amit Shah pays last respects to former PM Dr Manmohan Singh who passed away last night
— ANI (@ANI) December 27, 2024
(Source: DD) pic.twitter.com/nX8rnb1Yu6
প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যুৰ পিছত ৰাষ্ট্ৰপতি ভৱনত অৰ্ধনমিতকৈ ৰাষ্ট্ৰীয় পতাকা উৰে।
#WATCH | Delhi: National flag at half-mast at Rashtrapati Bhavan, following the demise of former PM Manmohan Singh.
— ANI (@ANI) December 27, 2024
The former PM passed away at the age of 92. The Government of India has cancelled all programs scheduled for today and has declared a national mourning of 7 days.… pic.twitter.com/ABT4EXLarY